Breaking

অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক সন্মানঃ ১৯ গৰাকী লোকলৈ প্ৰদান এই বঁটা

0 424

ৰাজ্যখনৰ বাবে বিশেষ অৱদান দিয়া লোকক অসামৰিক সন্মানেৰে বিভূষিত কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা এইবাৰ ১৯ গৰাকী লোকক দিয়া হ’ব। ২ ডিচেম্বৰৰ আগতে ক্ষেত্ৰভিত্তিক অভিযান চলোৱা হ’ব। পৰ্টেল খোলা হ’ব। পেপাৰতো বিজ্ঞাপন দিয়া হ’ব। সেই পৰ্টেলত সকলোৱে নাম আগবঢ়াব পাৰিব। অহা বছৰৰ পৰা অনুষ্ঠানসমূহো এই তালিকাত অন্তৰ্ভুক্ত হ’ব।

সৰ্বোচ্ছ সন্মান “অসম বৈভৱ”-অসমৰ ৰাজ্যিক গছ, হলং গছৰ পাতৰ ওপৰত জাপিৰে এই বঁটাতো তৈয়াৰ কৰা হৈছে। অসম বৈভৱ বঁটাত ৫ লাখ টকা থাকিব আৰু সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে।দ্বিতীয় অসামৰিক বঁটা “অসম সৌৰভ”-প্ৰত্যেক বছৰে তিনিগৰাকী লোকক দিয়া হ’ব এই বঁটা। অসমৰ শৰাই খনক মাজত ৰাখি এই বঁটা তৈয়াৰ কৰা হৈছে। ৪ লাখ টকা দিয়া হ’ব পুৰস্কাৰ হিচাপে। লগতে বছৰি ৩ লাখ কৈ টকাৰ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে। তৃতীয় টো বঁটা-“অসম গৌৰৱ”-অসমৰ সত্ৰীয়া সংস্কৃতিক লৈ এই বঁটা তৈয়াৰ কৰা হৈছে। ৩ লাখ টকা পুৰস্কাৰ দিয়া হ’ব। লগতে বছৰি ৩ লাখ কৈ টকাৰ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে।

প্ৰত্যেক বছৰে অসম দিৱসৰ দিনা অৰ্থাৎ ২ ডিচেম্বৰৰ দিনা এই বঁটা দিয়া হ’ব।এই বছৰৰ বঁটা সমূহ ২৪ জানুৱাৰীত দিয়া হ’ব।যিসকল ব্যক্তিৰ অৱদানে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিছে তেনে ব্যক্তিকহে দিয়া হ’ব এই বঁটা। এই বঁটা কোনো ব্যক্তিগত প্ৰতিভাৰ বাবে দিয়া নহয়।বঁটা প্ৰাপক সকলক সকলো চৰকাৰী অনুষ্ঠান তে নিমন্ত্ৰণ কৰা হ’ব আৰু তেওঁলোকে অসম ভৱনত বিনামূলীয়া কৈ থাকিব পাৰিব।

এইবাৰৰ ১৯ গৰাকী লোক হ’ল….

“অসম বৈভৱ”:- ১)ৰতন টাটা (অসমবাসীৰ প্ৰতি থকা অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা তেওঁক দিয়া হৈছে।)


“অসম সৌৰভ”- ১) প্ৰফেছাৰ কমলেণ্ড দেৱ কৌৰী (বহু ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ পৰিৱৰ্তন আনিছে তেওঁ।)
২) এনএইচচেমৰ সঞ্চালক লক্ষ্মণন এচ (কভিড সময়ত আগবঢ়োৱা বৰঙণিৰ বাবে)
৩) প্ৰফেছাৰ ড০ দীপক ছান্দ জৈন
৪)লাভলীনা বৰগোঁহাই
৫)শ্ৰী নিলপৱন বৰুৱা


“অসম গৌৰৱ”-প্ৰত্যেক বছৰে ১৫ জনক দিয়া হ’ব
১) মুনিন্দ্ৰ নাথ নাটে, সঞ্চালক. স্বাস্থ্য সেৱা
২) বসন্ত হাজৰিকা, অধ্যাপক, গুৱাহাটী চিকিতসা মহাবিদ্যালয়
৩) আকাশ জ্যোতি গগৈ (যোৰহাটত বাহুবলি এটা কণীৰ ব্ৰেণ্ড আকাশ জ্যোতিয়ে গঢ়ি তুলিছে। য’ত বহু ল’ৰা-ছোৱালী জড়িত হৈ পৰিছে।)
৪)মনোজ কুমাৰ বসুমতাৰী (আত্মনির্ভৰশীল হোৱাত প্ৰেৰণা যোগাইছে।)
৫) খৰসিং তেৰণ
৬)শ্ৰীমতী ববী হাজৰিকা (তিনিচুকীয়া জিলাৰ মিলিজুলি আত্মসহায়ক গোটৰ সদস্য।)
৭)হেমপ্ৰভা চুতীয়া (গুণমালা,কীৰ্তন সকলো গামোছাত অংকন কৰিব পাৰে)
৮)নমিতা কলিতা( অসম চৰকাৰৰ স্বাস্থ্য বিভাগত কাম কৰে। ১ লাখ লোকক তেওঁ অকলেই ভেকচিন দিছে। হাটীগাঁও ৰ নিবাসী)
৯)বনীতা মমিন (ভেকচিন দিয়াৰ অভিযান সফল কৰিছে।শোণিতপুৰৰ নিবাসী)
১০)ধৰণীধৰ বড়ো
১১)কৌশিক বৰুৱা(স্বাৱলম্বী তাৰ পথ দেখুৱাইছে)
১২)কল্পনা বড়ো, ওদালগুৰিৰ অংগনৱাড়ী কৰ্মী
১৩) আছিফ ইকবাল (কেন্সাৰ বেমাৰীৰ বাবে বন মেৰু ত্ৰান্সপ্লান কৰি মানুহক উপকৃত কৰিছে)

Leave A Reply