মিচিং ভাষাক নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অসম চৰকাৰ ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত মিচিং ভাষাৰ লগতে অসমৰ অন্য জনজাতীয় ভাষাসমূহ জীয়াই ৰখা তথা উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছিল যদিও চৰকাৰখনে মিচিং ভাষা আৰু অন্যান্য জনজাতীয় ভাষা সমূহক অস্তিত্বহীন কৰি তোলাতহে উঠি পৰি লাগিছে ৷ এই মন্তব্য মিচিং আগম কৗবাং
( মিচিং সাহিত্য সভা)ৰ ৷ কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃটিত মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গোবিন টাইদ আৰু সচিব ডিম্বেশ্বৰ দলেয়ে এইদৰে কয় ৷ বিবৃটিত তেওঁলোকে উল্লেখ কৰা মতে মিচিং আগম কৗবাঙৰ লগতে মিচিং সকলৰ সকলো জাতীয় সংগঠনে ১৯৭৯ চনৰ পৰাই মিচিং ভাষাক শিক্ষাৰ মাধ্যম কৰিবৰ বাবে চৰকাৰক দাবী জনাই আহিছে ৷ কিন্তু অসম চৰকাৰে উক্ত দাবী আজিকোপতি পুৰণ কৰা নাই ৷ ইয়াৰ বিপৰীতে অতি সম্প্ৰতি চৰকাৰে মিচিং ভাষাক ব্ৰিড্জিং বা মেটেৰিয়েলছ ভাষা হিচাপেহে প্ৰয়োগ কৰিবলৈ উঠি পৰি লাগিছে আৰু মিচিং ভাষাক তিল তিলকৈ হত্যা কৰিবলৈ উঠি পৰি লাগিছে ৷ যিটো মিচিং আগম কৗবাঙে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে ৷ তেওঁলোকে কয়- মিচিং সকলে অসমীয়া মূলসূঁতিৰ লগত থাকি মিচিং ভাষাক জীয়াই ৰখাৰ স্বাৰ্থত মিচিং ভাষাক নিম্ন প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিবলৈ চকাৰক দাবী জনাই আহিছে ৷ এই ক্ষেত্ৰত ২০২০ চনৰ ৰাষ্ট্ৰীয় ভাষা নীতিও ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাসমূহ জীয়াই ৰখাৰ স্বাৰ্থত এনেধৰণৰ মাধ্যমৰ ব্যৱস্থা কৰিছে ৷ বিবৃটিখনৰ মতে চলিত বৰ্ষত জোনাইত অনুষ্ঠিত হোৱা মিচিং জাতীয় সংগঠন টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত তদানীন্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদম্ভে ঘোষণা কৰিছিল যে, মিচিং ভাষাৰ লগতে অসমৰ অন্য জনজাতীয় ভাষাসমূহ শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰা হ’ব ৷ আনকি বহুকেইটা নিৰ্বাচনী সভাতো তেওঁ উক্ত কথা ব্যক্ত কৰিছিল ৷ কিন্তু মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰতিশ্ৰুতি পালন কৰা নাই ৷ আগম কৗবাঙে চৰকাৰক স্পষ্ট কৰি দি কয়- আমি ব্ৰিড্জিং বা মেটেৰিয়েলছ ভাষা হিচাপে মিচিং ভাষাক প্ৰয়োগ কৰাটো কেতিয়াও মানি নলওঁ আৰু এইয়া সম্ভৱ নহয় ৷ আমি ২০২২ বৰ্ষৰ পৰা মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰয়োগ কৰিবলৈ চৰকাৰক দাবী জনাইছো ৷ মিচিং ভাষাত উপযুক্তভাৱে শিক্ষাদান দিব পৰাকৈ তেওঁলোকে অতি শীঘ্ৰে মিচিং ভাষাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈও চৰকাৰক দাবী জনাইছে আৰু পাঠ্যক্ৰম প্ৰণয়নৰ কাম ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত কৰিলেহে মিচিং আগম কৗবাঙে চৰকাৰক সহযোগ কৰিব ৷ তেওঁলোকে বিবৃটিত কয়- ২৮ জুলাইত ধেমাজিত কাড়িচুকস্হিত মিচিং আগম কৗবাঙৰ এখনি সভা অনুষ্ঠিত কৰিছিল আৰু উক্ত সভাতে উপৰিউক্ত দাবী প্ৰস্তাৱ তথা সিদ্ধান্ত সমূহ গ্ৰহণ কৰা হয় ৷
মিচিং ভাষাক নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰ অসম চৰকাৰৰ

