বিদ্যুৎ বিল পৰিশোধ নকৰা সন্দৰ্ভত চৰকাৰৰ ঘোষনাৰ বিৰোধীতা অসম হাইস্কুল শিক্ষক সংস্থাৰ

ৰাজ্য চৰকাৰৰ বিদ্যুৎ মাচুল পৰিশোধ নকৰা ,  বৰ্তমানলৈকে কভিড ভেকচিন নোলোৱা শিক্ষক কৰ্মচাৰীক জুন মাহৰ দৰমহা প্ৰদান কৰা নহব বুলি চৰকাৰে কৰা ঘোষনাৰ তীব্ৰ বিৰোধীতা কৰিছে অসম হাইস্কুল শিক্ষক সংস্থাই । আজি কাকতলৈ প্ৰেৰন কৰা এক বিবৃতিত সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি খনিন্দ কুমাৰ গোস্বামী আৰু ভাৰপ্ৰাপ্ত সম্পাদক আনোৱাৰ হুছেইনে চৰকাৰক এনে নীতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ আহবান জনাইছে । তেওঁ লোকে বিবৃতিটোত উল্লেখ কৰিছে যে , অতিমাৰি কৰোনাৰ এনে জটিল সময়ত সকলো বিষয় দৰমহাৰ সৈতে জৰিত কৰাতো উচিত নহয় । বিদ্যুৎ মাচুল পৰিশোধ নকৰা শিক্ষক কৰ্মচাৰীৰ তথ্য যদি বিদ্যুৎ বিভাগৰ হাতত আছে , তেন্তে তেনে শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত চৰকাৰে ব্যবস্থা গ্ৰহন নকৰি সকলো শিক্ষক কৰ্মচাৰীক সাঙুৰি লোৱাটো উচিত হব নোৱাৰে । তেওঁ লোকে উল্লেখ কৰে যে কভিড ভেকচিন প্ৰায় সকলো শিক্ষক কৰ্মচাৰীয়ে গ্ৰহন কৰিছে । কোনো শিক্ষক কৰ্মচাৰীয়ে কিবা অসুবিধা বশত ভেকচিন লব পৰা নাই সেই সকলে শীঘ্ৰে ভেকচিন লব লাগে । সংস্থাই এই ক্ষেত্ৰত তৎকালীন ভাবে ভেকচিন প্ৰদানৰ বাবে চৰকাৰক আহবান জনাইছে ।

Related Articles