Breaking

এমিৰেটছ বিজনেছ কনক্লেভ-২০২২ত অসমৰ উদ্যোগপতি নৃপেন দাস সন্মানিত…

0 107

সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ ৰাজধানী ডুবাইত ৰাষ্ট্ৰখনৰ ৰাজপৰিয়ালৰ উদ্যোগত অনুষ্ঠিত হয় এমিৰেটছ বিজনেজ কনক্লেভ ২০২২, ইউএই। সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ যুৱৰাজদ্বয় ক্ৰমে শ্বেইখ মহম্মদ বিন আহমেদ বিন হামদান অল নায়ান আৰু শ্বেইখ মজিদ অল মোৱাল্লাৰ উপস্থিতিত ২১ আগষ্টত সন্ধিয়া অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সন্মিলনখনত বিশেষ বঁটাৰে সন্মানিত কৰা হয় অসমৰ বিশিষ্ট উদ্যোগপতি তথা মুক্তি যুঁজাৰু উপেন চন্দ্ৰ দাসৰ পুত্ৰ নৃপেন দাসক।

অসমৰ সংবাদ জগতত সৱলভাৱে আত্মপ্ৰকাশ কৰা সংবাদ প্ৰতিষ্ঠান ‘’ তথা এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসে বিগত সময়ছোৱাত আৰ্থ-সামাজিক বিকাশৰ প্ৰক্ৰিয়ালৈ আগবঢ়োৱা অৱদানৰ বাবে সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ যুৱৰাজ শ্বেইখ মহম্মদ বিন আহমেদ বিন হামদান অল নায়ানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ উপস্থিতিত তেওঁক ‘এমিৰেটছ বাণিজ্য বঁটা’ৰে সন্মানিত কৰে। উল্লেখযোগ্য যে সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ ৰজপৰিয়ালে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সন্মিলনলৈ অসমৰ বিশিষ্ট উদ্যোগপতি, ব্যৱসায়ী তথা সমাজ সংগঠক নৃপেন দাসক বিশেষভাৱে আমন্ত্ৰণ জনাইছিল।

এমিৰেটছ বিজনেছ কনক্লেভ ২০২২ ইউএইত অসমৰ উদ্যোগপতিগৰাকীয়ে মধ্যপ্ৰাচ্যৰ আৰৱ ৰাষ্ট্ৰত ৰাজপৰিয়ালৰ দ্বাৰা বিশেষভাৱে সন্মানিত হোৱা ৰাজ্যবাসীৰ বাবেও যথেষ্ট গৌৰৱৰ বিষয়। বঁটা গ্ৰহণ কৰি বিশিষ্ট উদ্যোগপতি নৃপেন দাসে সংবাদ মাধ্যমক কয় – অনাগত দিনত আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত এনেধৰণৰ বঁটাই সকলোকে উপকৃত কৰাৰ লগতে প্ৰেৰণা যোগাব। এই অনুষ্ঠানত ভাৰতৰ লগতে চুবুৰীয়া কেইবাখনো ৰাষ্ট্ৰৰ আগশাৰীৰ উগ্যোগপতি, সমাজকৰ্মী, ৰাজনীতিক আইনজ্ঞ আৰু শিক্ষাবিদকো আমন্ত্ৰণ জনোৱা হৈছিল।

Leave A Reply