Assam Jatiya Parishad: উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই অসম জাতীয় পৰিষদৰ বক্তব্য ‘কা’ বাতিল কৰাটো চৰকাৰৰ জাতীয় দায়িত্ব; বিদেশী চিনাক্ত-বহিষ্কৰণৰ লওক পদক্ষেপ’

গুৱাহাটী, ১৭ অক্টোবৰ: নাগৰিকত্ব আইনৰ ৬ক ধাৰাক সাংবিধানিক বৈধতা প্ৰদান কৰি আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক আদৰণি জনাইছে অসম জাতীয় পৰিষদে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিযোগে উচ্চতম ন্যায়ালয়ৰ ৰায়ক বাস্তৱমুখী, সময়োপযোগী আৰু দূৰদৰ্শী আখ্যায়িত কৰে। (Assam Jatiya Parishad)


বিবৃতিটোত গগৈ আৰু ভূঞাই কয়, “উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ লগে লগে অসম চুক্তিৰ সাংবিধানিক বৈধতা পুনৰ নিশ্চিত হ’ল। নাগৰিকত্বৰ ভিত্তি বৰ্ষ ১৯৭১ চন হ’ব লাগে বুলি আমি ইমান দিনে কৈ অহা কথাটোৰ ন্যায্যতা প্ৰতিপন্ন হ’ল। ইয়াৰ লগে লগে বিদেশী বিতাৰণ সন্দৰ্ভত বিজেপি দলে গ্ৰহণ কৰি অহা স্থিতি যে বিভ্ৰান্তিকৰ আৰু স্বাৰ্থান্বেষী সেয়াও প্ৰমাণ হ’ল।”


আনহাতে আজিৰ ৰায়দানে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ৰ সাংবিধানিক বৈধতাৰ ওপৰত পুনৰ প্ৰশ্নচিহ্নৰ অৱতাৰণা কৰা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয়, “ন্যায়ালয়ে স্পষ্টভাৱে কৈছে যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অন্য দেশৰ পৰা অসমলৈ অবৈধভাৱে অহা প্ৰতিজন ব্যক্তি অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে বিবেচিত হ’ব। আদালতৰ এই বক্তব্যই কা’ৰ আইনী বৈধতাক নস্যাৎ কৰে। অৰ্থাৎ কা’খন সাংবিধানিকভাৱে অবৈধ বুলি ন্যায়ালয়ৰ মজিয়াত পুনৰ উন্মোচিত হ’ল। এতিয়া কা’ বাতিল কৰাটো চৰকাৰৰ জাতীয় দায়িত্ব।”

বিজেপিৰ চৰকাৰে প্ৰতিশ্ৰুতি দিও বিদেশী বহিষ্কাৰ নকৰাৰ কথাটো আদালতত উন্মোচিত হোৱা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে এতিয়া অন্ততঃ ন্যায়ালয়ক সন্মান জনাই বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ পদক্ষেপ চৰকাৰখনে গ্ৰহণ কৰা উচিত।

Related Articles