Breaking

নলবাৰীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সংবাদ মেল…

0 59

১৯৮৫ চনৰ ১৪ আগষ্টত নলবাৰী মহকুমাক জিলা ঘোষণা কৰাৰ পিছত বিগত ৩৭ বছৰে জিলা হিচাপে হোৱা পৰিবৰ্তন,উন্নয়ন সন্দৰ্ভত প্ৰতিজন নলবাৰীবাসী জ্ঞাত।শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰীত নাই কোনোধৰনৰ বিশেষ উদ্যোগ ক্ষেত্ৰ।যত নিবনুৱা যুৱক যুৱতীৰ নিয়োগৰ ব্যৱস্থা সম্ভৱ।

জিলা খনৰ সাৰুৱা ভুমি ভাগত যথেষ্ট পৰিমাণৰ ফল মূল,শস্য,বাহ-বেত,উৎপাদন সম্ভাৱনীয়তা থকাৰ উপৰিও মীন পালন,গাহৰি পালন,গো পালন,ব্ৰইলাৰ ফাৰ্ম স্থাপনেৰে জিলা খনৰ নিবনুৱা সমস্যা সমাধানৰ উপৰিও অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনীয়তা দেখা যায়।আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাস,সাধাৰণ সম্পাদক যোগেশ কলিতা,কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক ব্ৰজেন চৌধুৰী,উপ সভাপতি প্ৰণৱজ্যোতি কলিতা,কৌশিক বৰ্মন,চিত্তৰঞ্জন তালুকদাৰ,যুটীয়া সম্পাদক প্ৰাঞ্জল কলিতা,তাজিমউদ্দিন আহমেদৰ লগতে আন আন বিষয়-ববীয়া সকল উপস্থিত থকা সংবাদমেল খনত জিলা খনত জনগণে সন্মূখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত যাৱতীয় কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই।

তাৰ ভিতৰত উদ্যোগহীন নলবাৰীক কৃষি,মীন,পশুপালন আদি বিভাগৰ আদৰ্শ জিলা হিচাপে গ্ৰহণ কৰি নিবনুৱা যুৱক যুৱতী সকলক স্বনিয়োজনৰ মুলধন যোগান,উন্নত প্ৰযুক্তি,বীজ,বজাৰ প্ৰশিক্ষণ আদিৰ দাবী জনায়।জিলাখনৰ কুটিৰ শিল্প তথা জাপি শিল্প,বাহ বেতৰ উদ্যোগ,কাঁহ পিতলৰ উদ্যোগৰ সতে জড়িত ব্যক্তি,প্ৰতিষ্ঠানক মুলধন যোগান,উন্নত প্ৰশিক্ষণ বজাৰ আদিৰ ব্যৱস্থা,বিজ্ঞান শিক্ষাৰ শিক্ষানুষ্ঠান বৃদ্ধিৰ ব্যৱস্থা লগতে জিলাখনৰ একাংশ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,উপ স্বাস্থ্য কেন্দ্ৰ সমুহ মেৰামতি,বা পুনৰ্নিৰ্মাণ কৰি চিকিৎসালয় সমুহত পৰ্য্যাপ্ত পৰিমাণে চিকিৎসক,নাৰ্চ,টেকনিচিয়ান ষ্টাফ,ঔষধ আদি যোগান নিশ্চিত কৰিবলৈ দাবী জনায়।নলবাৰী চহৰৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বৈজ্ঞানিক মান সম্পন্ন প্ৰয়-প্ৰণালীৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনায়।

ভৰ বাৰিষালৈ ৰৈ নাথাকি বিধস্ত মথাউৰিবোৰ মেৰামতি কৰাৰ লগতে ৰাজহুৱাখণ্ড আৰু ব্যক্তিগত যান বাহনৰ বাবে আস্থান আৰু পাৰ্কিঙৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই।সঘনাই হৈ থকা দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনৰ ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন চকবোৰত ডিজিটেল ট্ৰেফিক কন্ট্ৰল স্থাপন কৰি দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ দাবী জনায়।নলবাৰীত অবিবি শিক্ষকৰ সমস্যা সমাধান,আৰ্ট গেলেৰী স্থাপন আদিৰে জিলা খনক আগবঢ়াই নিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়।

Leave A Reply