Assam Major Ranking Table Tennis: অসমৰ ১১ বছৰৰ অনূৰ্ধত চেম্পিয়ন গুৱাহাটীৰ জেনিছা বিপুল

গুৱাহাটীৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পেডেলাৰ জেনিছা বিপুলে শিলচৰত দেওবাৰে সামৰি পৰা সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতাত (১১ বছৰৰ অনূৰ্ধত) চেম্পিয়ন খিতাপ অৰ্জন কৰে।(Assam Major Ranking Table Tennis)

ফাইনেলত জেনিছাই আফৰিন তানভি হুছেইনক ৩-২ শ্বেটত পৰাস্ত কৰে। ১৩ বছৰ আৰু ১৫ বছৰৰ অনূৰ্ধতো অসমৰ বহু আগশাৰীৰ খেলুৱৈক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত খেলিছিল জেনিছা বিপুলে।

গুৱাহাটীৰ খানাপাৰাৰ পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী জেনিছাই নয়দাৰ আনছুল গাৰ্গ একাডেমীত অলিম্পিয়ান প্ৰশিক্ষক আনছুল গাৰ্গৰ তত্বাৱধানত আৰু গুৱাহাটীত থকা অৱস্থাত খানাপাৰাৰ স্মেচাৰ্চ কেটিটিএনত প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টেবুল টেনিছ খেলুৱৈ মানস প্ৰতীম দাসৰ আধিনত অনুশীলন চলায়।

উল্লেখযোগ্য যে ১১ বছৰৰ অনূৰ্ধত জেনিছাৰ ভাৰতবৰ্ষত ৰেংকিং হ’ল অষ্টম আৰু অসমৰ ৰেংকিং নম্বৰ এক।

Related Articles