অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিৰ অৱস্থা সম্প্ৰতি সুস্থিৰ

অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতীৰ অৱস্থা সম্প্ৰতি কিছু সুস্থিৰ৷জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰকাশ কৰিছে এই তথ্য৷ক’ভিডত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা ডাঃ কাকতীক অত্যন্ত সংকটজনক অৱস্থাত দিল্লীলৈ স্থানান্তৰিত কৰাৰ চেষ্টা কৰা হৈছিল৷কিন্তু স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত আৰু প্ৰতিকূল বতৰৰ বাবে এয়াৰ এম্বুলেন্স দিল্লীলৈ নিব নোৱৰাত তেওঁক জি এম চি এইচত চিকিৎসাধীন কৰা হয়৷তেওঁৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হোৱা বুলি টুইটযোগে সদৰী কৰিছে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই৷তেওঁৰ অক্সিজেন লেভেল ৯৫-৯৬ শতাংশ থকা বুলি সদৰী কৰি জি এম চি এইচৰ অধীক্ষকজনে কয় যে তেওঁ আধা জুলীয়া আহাৰ সেৱন কৰিবলৈও সক্ষম হৈছে৷তেওঁৰ শৰীৰত ঔষধে ক্ৰিয়া কৰা বুলি প্ৰকাশ কৰাৰ লগতে স্বাস্থ্য একপ্ৰকাৰ সুস্থিৰ হৈ থকা বুলি সদৰী কৰে৷তেওঁৰ ৰক্তচাপো আজি নিয়মীয়া হৈ আছে৷তেওঁ কিছু কথা পতাৰ লগতে পূৰ্বতকৈ আৰাম লাভ কৰা বুলিও কোৱা কথা ডাঃ শৰ্মাই সদৰী কৰে৷

Related Articles