অসম চিকিৎসা সেৱা সন্থাৰ অন্তভূৰ্ক্ত আমছাৰ ৰঙিয়া গোটৰ ২০২১-২২ বৰ্ষৰ সমিতিখন যোৱা বৃহস্পতিবাৰে গঠন কৰা হয়। ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ চৌহদত উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত স্বাস্থ্য বিভাগৰ অধীনত কৰ্মৰত চিকিৎসক সকলৰ বাবে ‘কেডাৰ পুনৰীক্ষণ’ আৰু সময়োচিত পদোন্নতি, টাইম স্কেল পদোন্নতি, অনুজ চিকিৎসকৰ দৰমহাৰ তুলনাত পূৰ্বৰ পৰা কৰ্মৰত জ্যেষ্ঠ চিকিৎসকৰ দৰমহাৰ হাৰৰ অসমতুলতা, চিকিৎসক-স্বাস্থ্যকৰ্মীৰ সুৰক্ষা,আদিৰ দাবী তুলি উপস্থিত চিকিৎসক সকলে বক্তব্য আগবঢ়ায়।
ইয়াৰ পিছতে আমছাৰ ৰঙিয়া গোটৰ সমিতিখন গঠন কৰা হয়। ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ পদ্মেশ্বৰ কলিতাক সভাপতি, মহকুমা স্বাস্থ্য বিষয়া ডাঃ জোনাকী ডেকাক উপ সভানেত্রী, গোটৰ সম্পাদক পদত ডাঃ কামাখ্যা দাস, সহকাৰী সম্পাদক ডাঃ অশোক কলিতাক, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাঃ হেমেন দাস, সাংগঠনিক সম্পাদক ৰঙিয়া মডেল হস্পিতালৰ ডাঃমিন্টু মনি দাস, সাস্কৃতিক সম্পাদক ডাঃ পিকুলি হাজৰিকা, কোষাধ্যক্ষ ডাঃ গৌৰাঙ্গ মেধিৰ লগতে উপদেষ্টা ডাঃ দিলীপ কুমাৰ বৈশ্য, গুন গোবিন্দ শৰ্মা, ডাঃ নৱনীতা বৰা, ডাঃ ডিম্বেশ্বৰ শৰ্মা, ডাঃ এম.এ.এ.কামাল,ডাঃ সত্য ৰাম বৈশ্যক লৈ সমিতিখন গঠন কৰা হয়।

