পথ নে পুখুৰী ধৰিবই নোৱাৰি,নলবাৰীত জৰাজীৰ্ণ পথৰ মেৰামতিৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া

নলবাৰী চহৰৰ মুখ্য পথৰ এন.টি ৰোডৰ সংলগ্ন নলবাৰী ৰেল ষ্টেচনলৈ যোৱা উপপথচোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নলবাৰী সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।নলবাৰী চহৰৰ আটাইকেইটা পথে ব্যস্ত পথ । চহৰখনৰ হৰিমন্দিৰৰ সন্মুখত উৰনীয়া সেতুঁৰ কাম চলি থকা হেতুকে ৰাষ্ট্ৰীয় ঘাই পথৰ লগত যোগাযোগ কৰিবলৈ তথা চহৰখনৰ অন্ন প্ৰান্তলৈ যাবলৈ নলবাৰী ৰেলৱে ষ্টেচনৰ সমীপৰ ধৰ্মশালাৰ সন্মুখৰে যোৱা পথটোৱে ৰাইজে বিকল্প হিচাপে লৈছে । কিন্ত উক্ত পথটো দীৰ্ঘদিন ধৰি জৰাজিৰ্ণ হৈ থকাত ৰাইজৰ বাৰুকৈয়ে সমস্যাৰ সৃষ্টি হৈছে ।

উক্ত পথটো নলবাৰী পৌৰসভাৰ অধীনস্থ হোৱা হেতুকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিয়ে পথটোৰ মেৰামতিৰ বাবে কতৃপক্ষক আহ্বান জনাই । নলবাৰী পৌৰসভাৰ হেমাহীৰ বাবে পথচোৱা মেৰামতি নোহোৱাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মনে প্ৰতিক্ৰিয়া আগবঢ়াই আৰু শীঘ্ৰে পথটোৰ মেৰামতিৰ দাবী জনাই ।

Related Articles