ওদালগুৰি চহৰৰ মাজ মজিয়াত থকা বিশ্বশান্তি নেপালী বিদ্যামন্দিৰৰ পৰিসৰত থকা গোৰ্খা ভৱনৰ সভাকক্ষত যোৱা ৪ অক্টোবৰ তাৰিখে অসম নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিৰ সভানেত্ৰী ইন্দিৰা গৌতমৰ সভাপতিত্বত সম্পন্ন হোৱা সভাত ওদালগুৰি ক্ষেত্ৰৰ অগ্ৰণী গোৰ্খা মহিলা সকলৰ লিখনিৰে তৈয়াৰ কৰা অসম নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিয়ে প্ৰকাশ কৰা মুখপত্ৰ “তিজ” উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপক তাৰাপতি উপাধ্যায়য়ে। তাৰ আগতেই ওদালগুৰিৰ বিশিষ্ট সংস্কৃত পণ্ডিত তথা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক কৃতি শিক্ষক বিদ্যাপতি দাহালে বন্তি প্ৰজ্বলন কৰি সভা আৰম্ভ কৰে। অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰিয়ে উদ্ধোধন কৰা সভাত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ বাচতোলাক অসম চৰকাৰে প্ৰদান কৰা কৃতি শিক্ষকৰ সন্মানৰ বাবে অসম নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিয়ে তেওঁক সম্বৰ্দ্ধনা জনায়। সভাত অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল, অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ উপ সভানেত্ৰী কল্পনা শৰ্মা, সাধাৰণ সম্পাদক মোহন ৰাউত, বি টি আৰ গোৰ্খা সমাজৰ হৰি সঞ্জেল, বিশ্বশান্তি নেপালী বিদ্যামন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বিষ্ণু শৰ্মা নেউপানে, বিশিষ্ট সাহিত্যিক তথা সাংবাদিক বৈদ্যনাথ উপাধ্যায় আদিয়ে সভাত মুখপত্ৰ “তিজ” বিষয় আৰু উক্ত মুখপত্ৰৰ লেখিকা সকলক শুভেচ্ছা জনায়। অসম নেপালী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ বিশিষ্ট পদত থকা ড০ শান্তি থাপাৰ অকাল মৃত্যুত তেখেতৰ কৰ্মৰাজী সোনালী আখৰেৰে ৰখাৰ উদ্দেশ্যৰে তৈয়াৰ কৰা আৰু ড০ শান্তি থাপাৰ নামত উৎসৰ্গা কৰা মুখপত্ৰ “তিজ”ৰ সম্পুৰ্ণ লিখনী ওদালগুৰিৰ গোৰ্খা মহিলা সকলে তৈয়াৰ কৰে। যোৱা ২০১৮ৰ পৰা ওদালগুৰিত অসম নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিয়ে আয়োজন কৰি অহা তিজ উৎসৱ ২০২০ আৰু ২০২১ত কোৰোনাৰ কাৰণে স্থগিত ৰাখিবলগীয়া হোৱাত তিজ উৎসৱৰ সলনি “তিজ” নামৰ মুখপত্ৰ প্ৰকাশ কৰি উলিয়ায়ে। গোৰ্খা নাৰী সকলে সুন্দৰকৈ ছপা কৰি উলিওৱা উক্ত পুস্তিকা “তিজ”ৰ সম্পাদিকা ইন্দিৰা গৌতম আৰু সহ সম্পাদিকা ৰূপে দুলুমণি উপাধ্যায়য়ে অশেষ কষ্টেৰে সম্পাদনা কৰা পুস্তিকাখন প্ৰয়াত ড০ শান্তি থাপাৰ নামত উৎসৰ্গা কৰাত সাহিত্য প্ৰেমী ৰাইজে মহিলা সকলৰ এনে কাৰ্য্যক প্ৰশংসা কৰে।

