যোৰহাট জিলাৰ তিনিখন সংৰক্ষিত ক্রমে দিচৈ, দিচৈভেলী আৰু তিৰুহিল্চ সংৰক্ষিত বনাঞ্চলৰ প্রায় নবৈ শতাংশ বন্য ভূমি নিজৰ দখললৈ নিয়াৰ পাছত এতিয়া অৱশিষ্ট বন্য ভূমিত নগাৰ শেন চকু। নগাই অসমৰ সংৰক্ষিত বনাঞ্চলৰ বনভূমি দখল কৰি গির্জা, বিদ্যালয়, চিকিৎসালয় ,বাটপথ নির্মান কৰি নিজৰ দখললৈ ইতিমধ্যে নিবলৈ সক্ষম হৈছে। এতিয়া অসমৰ সংৰক্ষিত বনাঞ্চলৰ অবশিষ্ট বন ভূমিৰ দখললৈ নিয়াৰ চেষ্টা পৰিকল্পিত ভাবে নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। অসম চৰকাৰ আৰু যোৰহাট জিলা প্ৰশাসনৰ দুর্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি নগাই অসমৰ সংৰক্ষিত বনাঞ্চলত বেদখল চলাবলৈ সক্ষম হৈছে। ইফালে শান্তি চুক্তি উলংঘা কৰি দিচৈ ভেলিত পূনৰ নগাই আৰাম্ভ কৰিছে অগ্ৰাসন।
মৰিয়নি অসম নাগালেণ্ডৰ সীমান্তৰ দিচৈ ভেলি সংৰক্ষিত বনাঞ্চলত নগাই কৃষি কাৰ্য কৰিবলৈ খাল খন্দাৰ লগতে এটা পানী টেংকী স্থাপন কৰা লগতে নিৰ্মান কাৰ্য্য চলোৱা উদ্দেশ্যৰে নগা জমা কৰা বহু সা সামগ্ৰী আজি মৰিয়নি আৰক্ষী আৰু মৰিয়নি বন বিভাগে এক অভিযান চলাই সামগ্ৰী সমূহ জব্দ কৰে। এই অভিযানত মৰিয়নি বনাঞ্চলিক বিষয়া অনিমেষ কলিতা, নিউসোনৱ৷ল খণ্ড বন বিষয়া ভাস্কৰ বৰগোঁহাই, মৰিয়নি আৰক্ষী বিষয়া চিত্তৰঞ্জন বৰগোঁহাই লগতে নিউসোনৱ৷ল আৰু খেৰমিয়া বিঅ’পিৰ অসমপুলিচৰ বেটেলিয়ন সহযোগিতা আগবঢ়ায়।আজি পূৱা মৰিয়নি বনাঞ্চলিক বিষয়া অনিমেশ কলিতা আৰু মৰিয়নি থানাৰ অচি চিত্ৰৰঞ্জন বৰগোহাঁইৰ লগতে খণ্ড বন বিষয়া ভাস্কৰ বৰ গোহাঁইৰ নেতৃত্বত যোৱা অসম বেটেলিয়ানৰ জোৱান আৰু বন বিভাগৰ এটা দলে অভিযান চলাই সামগ্ৰী খিনি জব্দ কৰে।
উল্লেখ্য যে২০২১চনৰ মে মাহত দিছৈ ভেলিত সংগঠিত হোৱা গুলী চালনা কাণ্ডৰ পিছতে অসম আৰক্ষীয়ে যুদ্ধ কালীন গতিৰে দিছৈ ভেলিত নগাৰ বে দখল উচ্ছেদ কৰি শিবিৰ স্থাপন কৰিছিল।কিন্তু পৰৱৰ্তী সময়ত নাগালেণ্ড আৰু অসম চৰকাৰৰ মাজত অনুষ্ঠিতহোৱা শান্তি আলোচনাত নগাই দিছৈ ভেলিত কোনো ধৰনৰ অগ্ৰাসন বা নিৰ্মান কাৰ্য্য নকৰাৰ চুক্তী সম্পন্ন হোৱাত অসম চৰকাৰে আৰক্ষীৰ শিবিৰ স্থানান্তৰ কৰিছিল।কিন্তু নগাইশান্তিচুক্তি উলংঘন কৰি দিছৈ ভেলিত সংগোপনে অব্যাহত ৰাখিছে অগ্ৰাসন।

