অসম আৰক্ষী সন্থাৰ তৰফৰ পৰা দৈনন্দিন বাৰ্তা কাকতৰ সাংবাদিক খাইৰুল ইছলামক সম্বৰ্ধনা …

সদৌ অসম আৰক্ষী সন্থাৰ তৰফৰ পৰা মৰিগাঁও জিলাৰ ভূৰাগাঁও ষ্টেচনৰ দৈনন্দিন বাৰ্তা কাকতৰ সাংবাদিক তথা সমাজ সেৱক খাইৰুল ইছলামক সুদীর্ঘ কাল ধৰি সংবাদ সেৱাৰ লগত জড়িত হৈ নিৰপেক্ষ ভাৱে সাংবাদিকতা কৰি সুস্থিৰ সমাজ গঢ় দিবলৈ অফুৰন্ত শ্ৰম দান দি এজন প্ৰকৃত সংবাদকৰ্মীৰ পৰিচয় দিবলৈ সক্ষম হৈছে।এজন ব্যতিক্রমী ৰূপত সাংবাদিতাৰ লগতে সমাজ সেৱা আগবঢ়াই যোৱাৰ উপৰিও মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ বাতৰি পৰিৱেশন কৰাৰ লগতে ড্ৰাগছ, জুৱা, চাইবাৰ অপৰাধ আদিৰ বাতৰিও সৰ্বাধিকভাৱে পৰিৱেশন কৰাৰ লগতে আৰক্ষী সন্থাৰো সকলো ধৰণৰ কাৰ্যসূচীৰ বাতৰি পৰিৱেশন কৰাত অসম আৰক্ষী সন্থাৰ দৃষ্টি আকর্ষণ হোৱাত আজি সন্থাৰ নিজা কাৰ্যালয় গুৱাহাটীৰ উলুবাৰীত ২০২২-২৪ বৰ্ষৰ পঞ্চম কাৰ্যনিবাহক সভাত আনুষ্ঠানিকভাৱে এখন ফুলাম গামোচা, জাপি আৰু  মান পত্ৰৰে সম্বৰ্ধণা জনায়। সম্বৰ্ধনা অনুষ্ঠানটি সঞ্চালনা কৰে  আৰক্ষী সন্থাৰ কাৰ্যকৰী সভাপতি শুক্লেশৰ কাকতিদেৱে।

উদ্দেশ্য বাখ্যা কৰে সন্থাৰ সম্পাদক উপেন্দ্র সিংদেৱে। সম্বৰ্ধণা অনুষ্ঠানটিত অসম আৰক্ষী সন্থাৰ দুগৰাকী প্ৰাক্তন সভাপতি ক্ৰমে পৱিত্ৰ শৰ্মা আৰু বিনোদ কলিতা দেৱকো ফুলাম গামোচাৰে সম্বৰ্ধণা জনোৱা হয়। সভাত আদৰণি ভাষণ ৰাখে মূখ্য আহ্বায়ক হেমন্ত গোস্বামীদেৱে। মূল কাৰ্যসূচীৰ প্ৰাগ মূহুর্তত কৰ্মৰত অৱস্থাত শ্বহীদ হোৱা আৰক্ষী জোৱানৰ আত্মাৰ সদ্গতিৰ বাবে বন্তি প্ৰজ্বলনৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। কাৰ্যনিবাহক সভাটিত আৰক্ষী সন্থাৰ সভাপতি তাহেৰ উদ্দিন আহমেদৰ লগতে সন্থাৰ বিষয় ববীয়া সকলো উপস্থিত আছিল।

Related Articles