নামনি অসমৰ ভৱানীপুৰ ,তামুলপুৰ আৰু গোসাইগাঁও সমষ্টিত অনুষ্ঠিত হবলগীয়া উপ নিৰ্বাচনক গুৰুত্ব সহকাৰে লৈছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটীয়ে ৷তাৰে যেন উমান দিলে শ্ৰীৰামপুৰত আজি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটীয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰি ৷সংবাদ মেলত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটীৰ মুখ্য আহ্বায়ক বিপ্লৱ চক্ৰৱৰ্তীয়ে কয় যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বতাধীন তৃণমূল কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি অসমৰ শোষিত,বঞ্চিত ,নিস্পেষিত জনগোষ্ঠীৰ জনসাধাৰণ ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ প্ৰতি সেউজ সংকেত প্ৰদান কৰিছে ৷তৃণমূলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দলে যে কোনো জাত পাতৰ ৰাজনীতি নকৰি সকলো ধৰ্মৰ লোকক সম অধিকাৰ ,সম বিকাশ ,সম উন্নয়নৰ স্বাৰ্থত ৰাজনীতি কৰি মানৱসেৱা আগবঢ়াই আছে ৷সেই কথা অসমৰ প্ৰতিটো জনগোষ্ঠীৰ লোকে উপলব্ধি কৰি তৃণমূল কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে ৷তৃণমূল কংগ্ৰেছে আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনত শক্তিশালী ৰূপে অৱৰ্তীৰ্ণ হব বুলিও সংবাদ মেলত প্ৰকাশ কৰে ৷সংবাদমেলত তৃণমূল কংগ্ৰেছৰ আহ্বায়ক ৰতন বৰুৱায় কয় যে উপ নিৰ্বাচনত গোসাইগাঁও সমষ্টি ,তামুলপুৰ সমষ্টি আৰু ভৱানীপুৰ সমষ্টিত তৃণমূল কংগ্ৰেছ দলে সমৰ্থন আগবঢ়াব বুলি কয় ৷কিন্তু কোন দল বা প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব সেই সম্পৰ্কত কোনো স্পষ্ট মতামত দিয়াৰ পৰা বিৰত থাকে ৷অহা ২০ অক্টোবৰত কোন দল বা প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব সেই সম্পৰ্কত সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰিব বুলি সংবাদ মেলত জানিব দিয়ে ৷সংবাদমেলত তৃণমূল কংগ্ৰেছৰ আহ্বায়ক মহাদেৱ ৰায়ে সংবাদ মেলৰ আঁতধৰে ৷

