অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটী শিশু মহোৎসৱঃ যোগাসন, মূকাভিনয়, নৃত্য, নাট, সংগীত, সুকুমাৰ কলাৰ কৰ্মশালা । Assam Prakashan Parishad

আনন্দমুখৰ চানমাৰি বাকৰিঃ শিশু গ্ৰন্থমেলাৰো আয়োজন

শিশুৰ সামগ্ৰিক উৎকৰ্ষৰ বাবে এনে কাৰ্যসূচী শুভফলদায়কঃ সিজাৰ বাগচি

১০ জুলাইঃ Assam Prakashan Parishad চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ শিশুৰ কলৰৱেৰে মুখৰিত কৰি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হ’ল এঘাৰদিনীয়াকৈ আয়োজিত গুৱাহাটী শিশু মহোৎসৱ ৷ প্ৰকাশন পৰিষদে পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই শিশু মহোৎসৱৰ উদ্বোধনী সভাত আজি সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে পশ্চিমবংগৰ বিশিষ্ট লেখক- সাহিত্যিক, বাংলা ভাষাৰ শিশু আলোচনী আনন্দ মেলাৰ সম্পাদক সিজাৰ বাগচীয়ে ৷ তেওঁ ভাষণত কয় যে অসম চৰকাৰে প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা এই শিশু মহোৎসৱ যথাৰ্থতে এক অভিনৱ কাৰ্যসূচী ৷ গ্ৰন্থমেলা তথা যোগাসন, অভিনয়, মূকাভিনয়, সংগীত, নৃত্য, আবৃত্তি আদি বৰ্ণিল কাৰ্যসূচীৰ সমাহাৰেৰে শিশুৰ সামগ্ৰিক মানসিক উৎকৰ্ষ সাধনৰ বাবে আয়োজন কৰা এই অনুষ্ঠান দেশৰ ভৱিষ্যতৰ বাবে শুভফলদায়ক হ’ব ৷ আজিৰ সময়ত এয়া অতি গুৰুত্বপূৰ্ণ কাম ৷ কিয়নো এতিয়া শিশুসকলৰ জীৱন অন্যধৰণৰ হৈ পৰিছে ৷ সৰুৰে পৰা কেৰিয়াৰ গঢ়াৰ চাপ, প্ৰতিষ্ঠাৰ প্ৰতিযোগিতা, সাফল্যৰ দৌৰত শিশুসকলৰ মন গধূৰ হৈ পৰে ৷ তেওঁলোকৰ খেলাৰ সময়, অন্যান্য প্ৰতিভা বিকাশৰ সময় কাঢ়ি লৈছে বিভিন্ন গেজেটে ৷ এনে এক সন্ধিক্ষণত শিশুসকলৰ বাবে অসম প্ৰকাশন পৰিষদে আয়োজন কৰা এই কাৰ্যসূচীয়ে দৰাচলতে নতুন আশা জাগৰিত কৰিছে ৷


আন এগৰাকী সন্মানীয় অতিথি, বিশিষ্ট শিশু সাহিত্যিক ড° শান্তনু তামুলীয়ে কয় যে প্ৰতিটো শিশু একোটা ফুলৰ কলি ৷ তেওঁলোকক নিজৰ নিজৰ ৰং-ৰূপ আৰু বুদ্ধিমত্তাৰে জাতিষ্কাৰ কৰাটো সমাজৰ নৈতিক দায়িত্ব ৷ তেওঁলোকৰ অনুসন্ধিৎসা, হেঁপাহ, সপোন বাস্তৱায়িত হ’বলৈ আস্থাৰ বাতাৱৰণ গঢ়ি তুলিব লাগিব ৷ সৰুৰে পৰা যুক্তিবাদী, বিজ্ঞান মনস্কতা, সমাজৰ প্ৰতি দায়ৱদ্ধতা গঢ়ি তুলিব পাৰিলে আজিৰ শিশুৰ হাততে অনাগত সময়ত ৰাষ্ট্ৰ সুৰক্ষিত হ’ব ৷ শিশুসকলক সুনাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ এই কাৰ্যসূচীয়ে সমাজলৈ শুভবাৰ্তা প্ৰেৰণ কৰিছে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যাৰ জৰিয়তে আদৰণী ভাষণ আগবঢ়ায় অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ তেওঁ কয়—“ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৰামৰ্শ অনুসৰি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী শিশু মহোৎসৱৰ আয়োজন কৰা হৈছে ৷ ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে শিশুসকলৰ সামগ্ৰিক বিকাশৰ বাট প্ৰশস্ত কৰা ৷ গ্ৰন্থৰ সুবাস-স্পৰ্শ শিশুসকলৰ বাবে মনোৰম অভিজ্ঞতা হৈ ৰ’ব ৷ দেশৰ কেবাটাও প্ৰখ্যাত প্ৰকাশন গোষ্ঠীয়ে ভাগ লৈছে এই শিশু গ্ৰন্থমেলাত। শিশুৰ উপযোগী গ্ৰন্থ অভিভাৱকসকলে ৰেহাই মূল্যত পাব গুৱাহাটী শিশু মহোৎসৱৰ বাকৰিত। ইয়াৰ সমান্তৰালভাৱে যোগাসনৰ অভ্যাস , মূকাভিনয়, সংগীত, নৃত্য, নাট, সুকুমাৰ কলাৰ কৰ্মশালা, খেল বাগিছা, আবৃত্তি প্ৰতিযোগিতা আদি ভিন্ন কাৰ্যসূচী ইয়াত সংযোজন কৰা হৈছে ৷ প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীসকলক চুটি চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থাও কৰা হৈছে ৷ অভিভাৱক আৰু শিশুসকলৰ অংশগ্ৰহণে এই অনুষ্ঠান সাফল্যমণ্ডিত কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ ৷


এই আয়োজন সফল হ’লে আমি প্ৰতি বছৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ নিশ্চয় উৎসাহ লাভ কৰিম ৷
এই অনুষ্ঠানে শিশুসকলক উপকৃত কৰিলে আমাৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম ৷” সঞ্চিতা আমচি, অংকিতা আদচিয়ে পৰিৱেশন কৰা গটি বৰগীতেৰে উদ্বোধনী সভাখন আৰম্ভ হয় ৷ সভাৰ আঁত ধৰে প্ৰবোধ দাসে ৷ ইপিনে আজি প্ৰথম দিনাই শতাধিক শিশুৱে নাটক, নৃত্য, মূকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰি চানমাৰি বাকৰিত আনন্দৰ পৰিৱেশ সৃষ্টি কৰে ৷ কৰ্মশালাত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি শিশুসকলক নিৰ্দ্দষ্ট বিষয়ৰ শিক্ষাদান কৰে বিশিষ্ট মূকাভিনয় শিল্পী মইনুল হক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতনামা শিল্পী কমল নাথ, ৰাষ্ট্ৰীয় নাট্যবিদ্যালয়ৰ স্নাতক, বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰবিজিতা গগৈ, নাট্যশিল্পী ৰাজীৱ কুমাৰ সাউদ, সুকুমাৰ কলাৰ বিশিষ্ট শিল্পীদ্বয় দেৱকান্ত হাজৰিকা, দিগন্ত হাজৰিকা, নৃত্য শিল্পী প্ৰিয়ংকা কাশ্যপে ৷ কাইলৈ পুৱা ১০ বজাৰ পৰা যোগাসনৰ প্ৰশিক্ষণ প্ৰদান কৰিব আৰতি হাজৰিকাই ৷ সমল ব্যক্তিসকলক উদ্বোধনী সভাত ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ উল্লেখ্য যে বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাই কাইলৈৰ পৰা সমল ব্যক্তিৰূপে গুৱাহাটী শিশুমহোৎসৱত অংশ ল’ব ৷ আজি সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে জু ৰোডস্থিত শংকৰদেৱ শিশুকুঞ্জ, আৰু গীতা নগৰস্থিত গুৰুকুল গ্ৰামাৰ ছিনিয়’ৰ ছেকেণ্ডাৰি স্কুলে ৷
অহা ২০ জুলাইলৈ প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ গুৱাহাটী শিশু মহোৎসৱৰ দুৱাৰ মুকলি থাকিব ৷ শিশু মহোৎসৱৰে সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থমেলাত ৩০ টাকৈ অভিজাত প্ৰকাশন প্ৰতিষ্ঠানে তেওঁলোকৰ শিশুসাহিত্য সম্ভাৰেৰে অংশগ্ৰহণ কৰিছে ৷ অংশগ্ৰহণ কৰা ৰাজ্যৰ বাহিৰৰ অন্যতম গ্ৰন্থ বিপণীসমূহ হৈছে পেংগুইন চিল্ড্ৰেন, হাৰপাৰ কলিন্‌ছ, উডপেকাৰ, নেশ্যনেল বুক ট্ৰাষ্ট, অ’ছৱাল পাব্লিচাৰ্ছ আদি ৷ ইয়াৰ লগতে আছে অসম প্ৰকাশন পৰিষদ, লয়াৰ্ছ বুক ষ্টল, আংগিক, আঁক-বাক, বান্ধৱ, পুথিতীৰ্থ প্ৰকাশন, বনলতা, অসম বুক হাইভ, শিশু সাহিত্য ন্যাস, ৰেখা প্ৰকাশন আদি অসমৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠানসমূহ ৷ গুৱাহাটী শিশু মহোৎসৱত পাৰ্কিঙৰো ব্যৱস্থা কৰা হৈছে ৷

Related Articles