Breaking

সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰপথাৰত উপস্থিত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

0 50

গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰপথাৰত উপস্থিতি হয় অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।মন্ত্ৰী গৰাকীয়ে বৰপথাৰৰ বাৰমুখীয়াস্থিত লাভলিনা বৰগোহাঁইৰ গৃহলৈ যোৱা পকী পথটিৰ উদ্বোধন কৰাৰ লগতে অসম চৰকাৰৰ জলজীৱন আঁচনিৰ অধীনৰ বাৰমুখীয়া পানী যোগান আঁচনিখনৰো শুভ উদ্বোধন কৰে।

অনুষ্ঠানটিত মন্ত্ৰী গৰাকীৰ সৈতে সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকন,ধনশিৰি মহকুমা মহকুমাধিপতি দীনচেংফা বৰুৱা,আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলিনা বৰগোহাঁইৰ পিতৃ টিকেন বৰগোহাঁই,মাতৃ মামনি বৰগোহাঁইৰ লগতে বিভাগীয় বিষয়া আৰু পাঁচ শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।

বৰপথাৰৰ পৰা মাধুৰ্য কোঁৱৰৰ প্ৰতিবেদন

Leave A Reply