Breaking

অসমত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে ৭৬ শতাংশ! প্ৰভাৱ পৰিব কৃষি-স্বাস্থ্য সকলোতে

0 86

শ্যামলীমা অসমত কেতিয়াবা যে বৰষুণৰ অভাৱ ঘটিব সেই কথা হয়তো কোনেও ভবা নাছিল।কোনোটো বছৰত ৰাজ্য খনত বৰষুণৰ ঘাটি হ’লেও একে কোৱে ৭৬ শতাংশ বৰষুণ ঘাটিৰ কথা হয়তো কোনেও কল্পনাই কৰিব পৰা নাছিল। কিন্তু কোনেও কল্পনা কৰিব নোৱাৰা কথা এটাই এতিয়া ঘটিবলৈ লৈছে।

শেহতীয়াকৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ অভাৱ আৰু তাৰ মাজতে ধূলিৰ ধুমুহাই জনজীৱন ব্যতিব্যস্ত কৰি তুলিছে। বতাহতধূলিৰ আধিক্যৰ বাবেই ৰাজ্য খনত বহু লোক শ্বস-প্ৰশ্বাস জনিতৰোগৰ লগতে নানান ৰোগত আক্ৰান্ত হৈছে। বনাঞ্চল ধ্বংসকে ধৰি আন বহু কেইটা কাৰকৰ বাবে ৰাজ্যত এতিয়া প্ৰদূষণ বৃদ্ধি পাইছে।

ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি ৰাজ্যত ৭৬ শতাংশ বৰষুণৰ ঘাটি হৈছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰাই চিন্তিতকৰি তুলিছে ৰাজ্যবাসীক। প্ৰদূষণৰ বাবেই ৰাজ্যত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে বুলি ধাৰণা কৰা হৈছে।

বৰষুণৰ পৰিমাণ কমাৰ বাবে মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰাৰ লগতে কৃষি খণ্ডতো ব্যাপকপ্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে।


বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ফেব্ৰুৱাৰী মাহৰ এতিয়ালৈ অসমত মাত্ৰ ৫ মিলি লিটাৰ বৰষুণ হৈছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অসমত শেহতীয়াকৈ বৰষুণৰ পৰিমাণ ৭৬ শতাংশলৈ হ্ৰাস পাইছে। অৰ্থাৎ জানুৱাৰী–ফেব্ৰুৱাৰী মাহত যিমান পৰিমাণৰ বৰষুণ হ’ব লাগিছিল তাৰে ৭৬ শতাংশ কম বৰষুণ হৈছে ৰাজ্য খনত।

Leave A Reply