Breaking

‘আসাম ৰাইজিং-২০২১’ : প্রজ্ঞাৰ সাধক হােমেন বৰগােহাঞিক ‘আলােকপ্রভঞ্জন বটা’

0 2,138

গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্রত ১৩ ফেব্ৰুৱাৰী ২০২১ তাৰিখে স্বেচ্ছাসেৱী সংগঠন আলােকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ সৌজন্যত আয়ােজিত ‘আসাম ৰাইজিং-২০২১’ শীর্ষক এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ তিনিজন বিশিষ্ট ব্যক্তিক ‘আলােকপ্রভঞ্জন বঁটা’, ‘দৈনন্দিন বার্তা বঁটা’ আৰু ‘দ্য আছাম ৰাইজিং বঁটা’ প্রদান আৰু সম্বধানা জনােৱা হয়।

ৰাজ্যৰ বিশিষ্ট সাংবাদিক সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, প্রজ্ঞাৰ সাধক হােমেন বৰগােহাঞিক ‘আলােকপ্রভঞ্জন বটা’ প্ৰদান কৰা হয় । হােমেন বৰগােহাঞিক ‘আলােকপ্রভঞ্জন বঁটা’ প্রদান কৰে বিশিষ্ট স্থপতিবিদ, শিল্পী বীৰেন সিংহই ।

বঁটাপ্রাপকসকলক আয়ােজক সমিতিৰ ফালৰ পৰা একোখনকৈ গামােচা, চেলেংচাদৰ, আলােকপ্রভঞ্জন রেলফেয়াৰ ছচাইটাৰ অংগবস্ত্র, বঁটা, প্রশস্তি পত্র, শৰাই, জাপি আৰু মাননীৰে সম্বর্ধনা জ্ঞাপন কৰা হয়।

আলােকপ্রভঞ্জন বটা গ্রহণ কৰি বিশিষ্ট সাংবাদিক, সাহিত্যিক প্রজ্ঞাৰ সাধক হােমেন বৰগােহাঞিয়ে বর্তমান অসমত এক বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে বুলি মন্তব্য কৰে। নিজৰ ভাষণত তেওঁ কয় যে ‘অসমত যােৱা বহু বছৰ ধৰি এক বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে। আহাৰ-শাওণ মাহৰ নদী যেনেকৈ পুহ-মাঘ মাহত শুকাই চেৰচেৰীয়া হয় তেনে অসমৰ সমাজ জীৱনতাে এক বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে। কেৱল বৈষয়িক উন্নতিতে এখন সমাজে নিজকে সুস্থ বুলি দাবী কৰিব নােৱাৰে বুলি মন্তব্য কৰি হােমেন বৰগােহাঞিয়ে কয় যে অসমত বর্তমানে বহুত উন্নতি হৈছে। আগৰ তুলনাত অসমখন নদন-বদন হৈছে। কিন্তু অসমৰ সভ্যতা সংস্কৃতিলৈ যিধৰণৰ বৰঙণি আগবঢ়াই, এখন সমাজে, এটা জাতিয়ে নিজকে সন্মানৰ যােগ্য কৰি তুলিব পাৰে সেই ধৰণৰ ঘটনা অসমত বহু বছৰ ধৰি হােৱা নাই। এখন সমাজৰ বৈষয়িক উন্নতিয়ে নিজকে এখন সুস্থ সমাজ বুলি দাবী কৰিব নােৱাৰে।

চুইজাৰলেণ্ড আৰু ইটালীৰ উদাহৰণ দাঙি ধৰি হােমেন বৰগােহাঞিয়ে চুইজাৰলেগুত যােৱা ৭০০ বছৰ ধৰি শান্তি বিৰাজ কৰিছে যদিও তাত বিগত ৭০০ বছৰ ধৰি কোনাে উল্লেখযােগ্য সাহিত্য, শিল্প, সংগীত আদিৰ সৃষ্টি হােৱা নাই। আনহাতে, ইটালীত ডেৰশ বছৰ ধৰি গৃহযুদ্ধই বিৰাজ কৰিছিল যদিও তাত উল্লেখযােগ্য সাহিত্য, সংস্কৃতিৰ সৃষ্টি তাৰ লােকসকলে বিশ্বজুৰি অখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে। অসমীয়া জাতিৰ, অসমীয়া সমাজৰ ভৱিষ্যৎ অন্ধকাৰচ্ছন্ন বুলি মন্তব্য কৰি প্রজ্ঞাৰ সাধকগৰাকীয়ে কয় যে অসমীয়া জাতিয়ে এতিয়াও কাম কৰিবলৈ শিকা নাই, পৰিশ্ৰম কৰিবলৈ শিকা নাই, কোনাে এটা কাম সুদীর্ঘদিন ধৈর্য্য ধৰি কৰিবলৈ শিকা নাই। বিদেশৰ কথাটো বাদেই আমাৰ ভাৰতবে মাৰাঠী, উৰিয়াসকলে যিদৰে উন্নতি কৰিছে অসমীয়া মানুহে তেনে কৰিবলৈ সক্ষম হােৱা নাই। অসমীয়া মানুহে নিজকে আত্মসমালােচনা কৰিব লাগিব আৰু এই আত্মসমালােচনা কৰি আমি যে পিছপৰি আছাে সেই কথা চিন্তা কৰি অসমীয়া জাতি আগবাঢ়ি যাব লাগিব।

Leave A Reply