Breaking

‘আসাম ৰাইজিং-২০২১’ : প্রবাসী বিশিষ্ট চিকিৎসক, সমাজকর্মী ডাঃ জয়ন্ত বিশ্ব শৰ্মালৈ ‘দ্যা আছাম ৰাইজিং বঁটা’

0 2,070

গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্রত ১৩ ফেব্ৰুৱাৰী ২০২১ তাৰিখে স্বেচ্ছাসেৱী সংগঠন আলােকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ সৌজন্যত আয়ােজিত ‘আসাম ৰাইজিং-২০২১’ শীর্ষক এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ তিনিজন বিশিষ্ট ব্যক্তিক ‘আলােকপ্রভঞ্জন বঁটা’, ‘দৈনন্দিন বার্তা বঁটা’ আৰু ‘দ্য আছাম ৰাইজিং বঁটা’ প্রদান আৰু সম্বধানা জনােৱা হয়।

প্রবাসী বিশিষ্ট চিকিৎসক, সমাজকর্মী ডাঃ জয়ন্ত বিশ্ব শৰ্মাৰ হৈ ‘দ্যা আছাম ৰাইজিং বঁটা’ গ্রহণ কৰে তেওঁৰ প্রতিনিধিয়ে । ‘দ্যা আছাম ৰাইজিং বঁটা’ প্রদান কৰে বিশিষ্ট সাহিত্যিক পদ্মশ্রী বঁটাপ্রাপক সূর্যকান্ত হাজৰিকাই ।

প্রৱাসত থকা ডাঃ জয়ন্ত বিশ্ব শর্মা বঁটাপ্রদান আৰু সম্বর্ধনা অনুষ্ঠানলৈ দিয়া এক ভিডিঅ ক্লিপযােগে আয়ােজক সমিতিয়ে তেওঁক বঁটাৰ বাবে বাছনি কৰা কার্যক ধন্যবাদ জনায় আৰু কয় যে, তেওঁ দেশ আৰু অসমৰ কথা বিদেশত থাকিও এক মুহুৰ্তৰ বাবেও নভবাকৈ থকা নাই। নিজৰ ভাব-চিন্তাক কৰ্মলৈ ৰূপান্তৰ কৰাৰ প্রচেষ্টাও গ্রহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে চাকৰিৰ সময়খিনিৰ বাহিৰে বাকীখিনি সময় তেওঁ অৱসৰ বিলাসিতাৰ বাহিৰত নিজা স্বাৰ্থৰ উৰ্ধত কর্মত প্রবৃত্ত হৈ থাকে। ব্যক্তিক পৰিস্থিতিয়ে গঢ় দিয়ে বুলি মন্তব্য কৰি ডাঃ শর্মাই এই বঁটা প্রাপ্তিৰ দ্বাৰা অনাগত সময় অধিক উচ্চাহেৰে কাম কৰি যাবলৈ উৎসাহ লাভ কৰিছে বুলি মন্তব্য কৰে।

Leave A Reply