Assam Sahitya Sabha: অসম সাহিত্য সভাৰ যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী প্ৰদীপ বৰাক বিদায় সম্বৰ্ধনা, চন্দ্ৰকান্ত সন্দিকৈ ভৱনত আড়ম্বৰপূৰ্ণ অনুষ্ঠান

নিস্বাৰ্থ সেৱাৰ বাবে প্ৰদীপ বৰাৰ নামটো সাহিত্য(Assam Sahitya Sabha)সভাৰ ইতিহাসত সদায় খোদিত হৈ থাকিব। বুধবাৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী প্ৰদীপ বৰাৰ চাকৰিৰ কাৰ্যকাল সমাপ্তিৰ উপলক্ষ্যে অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। সভাখনত অংশ লৈ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰদীপ বৰাৰ নিষ্ঠা আৰু সততাক সভাই সদায় স্মৰণ কৰিব বুলি মন্তব্য কৰে।

অসম সাহিত্য কেন্দ্ৰীয় কাৰ্যালয়ত সভাৰ বিদ্যায়তনিক কেন্দ্ৰ প্ৰাচ্যবিদ্যাৰ্ণৱ ড° মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থানৰ সমন্বয়ক ড° ৰাজশ্ৰী হাজৰিকাই আঁত ধৰা সভাখনত কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড° জ্যোতিৰেখা হাজৰিকাই বৰাৰ কৰ্মনিষ্ঠাৰ শলাগ লয় আৰু তেওঁৰ সুস্বাস্থ্য তথা সুখী ভৱিষ্যত জীৱনৰ কামনা কৰে৷ সভাৰ প্ৰধান সচিব অশোক কুমাৰ সেনাপতিয়ে সভাৰ এইগৰাকী মৃদুভাষী সেৱকৰ ব্যক্তিত্বৰ বিভিন্ন দিশত আলোকপাত কৰে৷ সভাত প্ৰদীপ বৰাক গামোচা, চেলেং, প্ৰশস্তি পত্ৰ, শৰাই আদিৰে অৱসৰকালীন সম্বৰ্ধনা জনোৱা হয় ৷ কেন্দ্ৰীয় কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দৰ মাজৰ পৰা উচ্চবৰ্গৰ সহায়ক নৃপেন ভঁৰালী, গাণনিক ধ্ৰুৱজ্যোতি বৰদলৈ আৰু নিম্নবৰ্গৰ সহায়ক দিগন্ত কুমাৰ মহন্তই প্ৰদীপ বৰাৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি বক্তব্য আগবঢ়ায় ৷

প্ৰদীপ বৰাইও সভাৰ সৈতে একাত্ম হৈ সুদীৰ্ঘ পঁচিশ বছৰ সেৱা আগবঢ়োৱাৰ কথা স্মৰণ কৰি আৱেগিক হৈ পৰে৷ অনুষ্ঠানত শলাগ জ্ঞাপন কৰে ড°জ্যোতিৰেখা হাজৰিকাই ৷ ইফালে বিয়লি ৫ বজাত অৱসৰী কৰ্মচাৰী প্ৰদীপ বৰাক কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, সভাৰ কৰ্মচাৰী প্ৰমুখ্যে বহু সংখ্যক সাহিত্যপ্ৰেমীয়ে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা মূল প্ৰৱেশ দুৱাৰলৈকে মাংগলিক নীতি-নিয়মৰে আনুষ্ঠানিকভাৱে বিদায় প্ৰদান কৰে।।

Related Articles