বৰপেটা, ১৯ এপ্ৰিল: Barpeta । অসম সাহিত্য সভাৰ “সেতুবন্ধ যাত্ৰা কাৰ্যসূচী”ৰ অংশ ৰূপে বৰপেটাত অনুষ্ঠিত হ’ল এটি মন জুৰুৱা অনুষ্ঠান। বৰপেটা শতদল সাহিত্য সভাৰ সৌজন্যত আৰু বৰপেটা সাহিত্য সভাৰ সভাপতি হিৰণ শইকীয়া লহকৰৰ সভাপতিত্বত আয়োজন কৰা সভাত অংশ গ্ৰহণ কৰিছিল সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু বিভিন্ন শাখাৰ বিশিষ্ট সদস্যবৃন্দে।
সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই ভাষণ প্ৰসংগত উল্লেখ কৰে যে, “সমাজ আজি অনিয়ন্ত্ৰিত। এই সমাজক নিয়ন্ত্ৰণ-শৃংখলিত কৰি সুসমাজ গঠনৰ দায়িত্ব সাহিত্য সভাৰ প্ৰতিজন কৰ্মী-সদস্যৰ ওপৰত পৰিছে।” তদুপৰি তেওঁ ঘোষণা কৰে যে, সত্ৰসমূহৰ সজ্জনসকলক লৈ শাখা সাহিত্য সভা গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।
বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰা অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই জাতীয়ভাৱাপন্ন সচেতন লোকসকলক অসম সাহিত্য সভাৰ সদস্য পদ গ্ৰহণৰ আহ্বান জনায়। তেওঁ কয়, “ভাষা-সংস্কৃতিৰ সংকটৰ সময়ত প্ৰতিজন জাতিপ্ৰেমীয়ে শক্তিশালী ভূমিকা গ্ৰহণ কৰা অতিগুৰত্বপূৰ্ণ।”
এই অনুষ্ঠানত শতদল সাহিত্য সভাৰ সম্পাদক মাধন ভূঞা শৰ্মাই সভাখন আঁত ধৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অনুবাদ প্ৰকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ, চৰ-চাপৰি ভাষা বিকাশ উপসমিতিৰ আহ্বায়ক ডা. আব্দুল কুদ্দুছ শিকদাৰ, লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক বিপুল শৰ্মা বৰুৱা, জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমণি চৌধুৰী, সাংগঠনিক সম্পাদক অতুল কলিতা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, আৰু ডা. কমলকৃষ্ণ দাস আদিৰ দৰে বহু বিশিষ্ট ব্যক্তিত্ব।
সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰি “চিৰ চেনেহী মোৰ ভাষা জননী” গীতেৰে সভাখন আৰম্ভ হয় আৰু জাতীয় সংগীতৰ পৰিৱেশনৰে শেষ হয়।
উল্লেখযোগ্য যে, এই সেতুবন্ধ কাৰ্যসূচীৰ অংশ হিচাপে অসম সাহিত্য সভাৰ উপসভাপতি আৰু প্ৰধান সম্পাদকৰ নেতৃত্বত এটা প্ৰতিনিধি দলে পুৱা বামুণা সত্ৰ, সুন্দৰীদিয়া সত্ৰ, আৰু বৰপেটা সত্ৰ পৰিদৰ্শন কৰি সন্মান প্ৰদান কৰে।