Breaking

অসম চৰকাৰৰ ২৬ হাজৰৰো অধিক পদৰ বিজ্ঞাপন প্ৰকাশ…

0 2,100

ৰাজ্যৰ নিবনুৱাৰ বাবে ভাল খবৰ। অসম চৰকাৰে জাৰি কৰিছে বৃহৎ নিযুক্তিৰ বিজ্ঞাপন। ১ লাখ নিবনুৱাক নিযুক্তিৰ প্ৰসংগক লৈ বিতৰ্ক চলি থকাৰ মাজতে অসম চৰকাৰে শনিবাৰে প্ৰকাশ কৰা এই বিজ্ঞাপনে চাকৰি বিচৰা নিবনুৱাসকলক উপকৃত কৰিব। Assam State Recruitment Commission য়ে শনিবাৰে দুখন চাকৰি সম্পৰ্কীয় জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে মুঠ ২৬,৪৪১ টা পদ পূৰণৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। এই ২৬ হাজৰৰো অধিক পদৰ ভিতৰত তৃতীয় বৰ্গৰ পদৰ সংখ্যা ১৩,১৪১ টা আৰু চতুৰ্থ বৰ্গৰ পদৰ সংখ্যা ১৩,৩০০ টা।

প্ৰকাশিত বিজ্ঞাপন ,অনুসৰি তৃতীয় বৰ্গৰ পদৰ বাবে প্ৰাৰ্থীসকল উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। ইয়াৰ উপৰিও তেওঁলোক কম্পিউটাৰ শিক্ষাৰ ডিপ্লমা গ্ৰহণ কৰা হ’ব লাগিব। অৰ্থাত প্ৰাৰ্থীসকলৰ ৬ মহীয়া কম্পিউটাৰ শিক্ষাৰ চাৰ্টিফিকেট থাকিব লাগিব। আনহাতে আন কিছু পদৰ বাবে প্ৰাৰ্থী কেৱল বিজ্ঞান শাখাৰ হ’ব লাগিব। তৃতীয় বৰ্গৰ খালী পদসমূহৰ ভিতৰত আছে একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এচিচটেণ্ট, এলডিএ আৰু ষ্টেনগ্ৰাফাৰৰ মুঠ পদ আছে ৮,৩৩১ টা। এই পদসমূহৰ বাবে স্নাতক ডিগ্ৰীৰ উপৰিও ৬ মাহৰ কম্পিউটাৰ শিক্ষাৰ চাৰ্টিফিকেট থাকিব লাগিব।

আনহাতে ফিল্ড এচিচটেণ্ট, ফিল্ডমেন, পৰমেন, চেকশ্যন এচিচটেণ্ট, চইল কনজাৰভেশ্যন, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰৰ মুঠ পদ আছে ৩,৬৯০টা। এই পদসমূহৰ বাবে প্ৰাৰ্থীৰ যোগ্যতা নিৰ্ধাৰণ কৰা হৈছে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। অৱশ্যে ইয়াৰে কিছু সংখ্যক পদৰ বাবে প্ৰাৰ্থী বিজ্ঞান শাখাৰ হোৱাটো বাঞ্চনীয়। চতুৰ্থ বৰ্গৰ বাবে শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী আৰু মেট্ৰিক উত্তীৰ্ণ নিৰ্ধাৰণ কৰা হৈছে। অষ্টম শ্ৰেণীৰ উত্তীৰ্ণৰ বাবে মুঠ খালী পদ আছে ৯০০০ টা। আনহাতে মেট্ৰিক উত্তীৰ্ণৰ বাবে পদ আছে ৪,৩০০টা। ড্ৰাইভাৰ পদ আছে ১,১২০ টা। ড্ৰাইভাৰ পদৰ বাবে প্ৰাৰ্থীৰ যোগ্যতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও প্ৰাৰ্থীৰ গাড়ী চালনাৰ বাবে বৈধ অনুজ্ঞাপত্ৰ থকাটো বাঞ্চনীয়।

উল্লেখ্যে যে এই পদসমূহৰ বাবে অনলাইন মাধ্যমেৰে আৱেদন কৰিব পাৰিব। অনলাইন আৱেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ১১ এপ্ৰিল ২০২২ৰ পৰা। আনহাতে আৱেদন প্ৰক্ৰিয়াৰ অন্ত পৰিব ৩০ মে’ ২০২২ তাৰিখে। প্ৰতিটো পদৰ বাবে আৱেদন মাচুল নিৰ্ধাৰণ কৰা হৈছে। সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ লগতে অবিচি, এমঅবিচি অন্তৰ্গত প্ৰাৰ্থীসকলে ৩৫০ টকাকৈ মাচুল পৰিশোধ কৰাৰ লগতে এছ টি আৰু এছ চি প্ৰাৰ্থীয়ে ২৫০ টকাকৈ মাচুল পৰিশোধ কৰিব লাগিব।

Leave A Reply