গুৱাহাটী, ১ ডিচেম্বৰঃ অসম সচিবালয় ক্ৰিকেট ক্লাবৰ(Assam Secretariat Cricket Club) দ্বাৰা আয়োজিত SBI-গুৱাহাটী অফিচ প্ৰিমিয়াৰ লীগ-২০২৪ত(SBI Guwahati Office Premier League) অসম সচিবালয় ক্ৰিকেট ক্লাবে চেম্পিয়নৰ খিতাপ দখল কৰিছে।

আজি নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত চুড়ান্ত খেলখনত টছত জিকি চেন্ট্ৰেল ওৱাৰহাউচিং কৰ্পৰেচনে(Central Warehousing Corporation) ২০ অভাৰত ১৭১ ৰান সংগ্ৰহ কৰে।
কুশ্বাগ্ৰা মানসে ৮টা ছয় আৰু ৭টা চাৰিৰে ৯৮ ৰানৰ এক অনবদ্য ইনিংছৰ খেলে। প্ৰত্যুত্তৰত অসম সচিবালয় ক্ৰিকেট ক্লাবে পাৰ্থিৱ কাশ্যপ শৰ্মাৰ ৮৮ ৰান আৰু হিৰণ্য হাজৰিকাৰ ৬৪ ৰানৰ সহায়ত ১৬ অভাৰতে লক্ষ্য অতিক্ৰম কৰি ৯ উইকেটত বিজয় সাব্যস্ত কৰে।

খেলৰ শেষত জনস্বাস্থ্য-কাৰিকৰী বিভাগৰ সচিব কৈলাশ কাৰ্তিক, আইএএছ(IAS) দেৱে অসম সচিবালয় ক্ৰিকেট ক্লাবৰ এই প্ৰচেষ্টাৰ শলাগ লয় আৰু প্ৰতিযোগিতাখন ভৱিষ্যতেও অনুষ্ঠিত কৰাৰ বাবে মত পোষণ কৰে।
তেখেতৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ(Department of Health and Family Welfare) যুটীয়া সচিব ইন্দ্ৰাণী লস্কৰ, উপ-সচিব চন্দন কাকতি, ভাৰতীয় ষ্টেট বেংকৰ মেনেজাৰ বিকি মেছ, চেন্ট্ৰেল ওৱাৰহাউচিং কৰ্পৰেচনৰ ৰিজনেল মেনেজাৰ অভিশেষ আনন্দৰ লগতে বহুকেইজন গন্যমান্য ব্যক্তি উপষ্ঠিত থাকে।
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটাৰ আৰু বলাৰৰ বঁটা লাভ কৰে অসম সচিবালয়ৰ পাৰ্থিৱ কাশ্যপ শৰ্মাই আৰু নীলিম জ্যোতি গগৈয়ে আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কুশ্বাগ্ৰ মানসে।