শিৱসাগৰত বিশিষ্ট সাংবাদিক প্ৰশান্তজ্যোতি বৰুৱাক ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান অসম ৰাজ্যিক সাংবাদিক সন্থাৰ…

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ আতিথ্যত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পাছতে মুকলি সভা, বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়।

বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাই অসমৰ সাংবাদিকতা ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আসাম ত্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক তথা মিডিয়া ট্ৰাষ্টৰ অধ্যক্ষ, বিশিষ্ট সাংবাদিক প্ৰশান্তজ্যোতি বৰুৱাক ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিক বঁটা প্ৰদান কৰে। অনুষ্ঠানত নাজিৰাৰ বিশিষ্ট সাংবাদিক বীৰেন্দ্ৰ শৰ্মাকো সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য অসম ৰাজ্যিক সাংবাদিক সন্থাই এইবেলি দ্বিতীয়বাৰৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিক বঁটা প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে অসম ৰাজ্যিক সাংবাদিক সন্থাই প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিক বঁটা প্ৰদান কৰিছিল প্ৰাগ নিউজ ডিজিটেলৰ জ্যেষ্ঠ সাংবাদিক তথা শৰাইঘাট অসম ইয়েৰ বুকৰ সম্পাদক দুলাল মিশ্ৰক। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা সন্থাৰ মুখপত্ৰ ‘জাগ্রত প্ৰহৰী’ উন্মোচন কৰে শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড০ প্ৰতিম শৰ্মাই। মুকলি সভাত ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ সচিব প্ৰধান সাবানায়কন চেলভাকুমাৰস্বামী মুখ্য অতিথি হিচাপে হিচাবে উপস্থিত থকাৰ লগতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত বিশিষ্ট অতিথি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Related Articles