বঙাইগাঁও জিলাৰ অভয়াপুৰী বিদ্যুত উপ সংমণ্ডল কাৰ্যালয় প্ৰাংগনত আসাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়নৰ ১১ দফীয়া দাবী পুৰণৰ বাবে ১২ দিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ন।
প্ৰায় ১০-১২ বছৰ ধৰি একনিষ্ঠ ভাৱে সেৱা আগবঢ়োৱা এই সকল কৰ্মচাৰীৰ চাকৰী চৰকাৰে নিয়মীয়া নকৰাৰ বাবে ৰাজ্যৰ ভিন্ন ঠাইৰ লগতে উত্তৰ শালমাৰা মহকুমাৰ অভয়াপুৰী বিদ্যুৎ উপ সংমণ্ডলৰ অৰ্ন্তগত কৰ্মচাৰী সকলেও যোৱা ৪ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিল লৈ এই কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছে।
এই সকল কৰ্মচাৰীৰ চাকৰী নিয়মীয়া কৰা, চৰকাৰে ঘোষণা কৰা ৫০০০ পদত এই সকলক নিযুক্তি দিয়া, সম কাম সম মজুৰী দিয়া, পূৰ্বৰ ঠাইতে নিযুক্তি দিয়া, দুৰ্ঘনাত ক্ষতিপুৰণ সহ আৰ্থিক সাহায্য দিয়া, ঠিকাদাৰৰ অধীনত কামত নিয়োগ নকৰা, পাৰিশ্ৰমিকৰ ধন নিজ নিজ একাউণ্টত দিয়াৰ ব্যৱস্থা কৰা আৰু চৰকাৰী সা-সুবিধা প্ৰদান কৰাৰ দাবীত আন্দোলনকাৰীয়ে চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি পৰিৱেশ উত্তাল কৰি তোলে।

চৰকাৰে যদি এই সকল কৰ্মচাৰীৰ দাবী অহা ১৫ এপ্ৰিৰ ভিতৰত মানি নলয় তেনেহ’লে অহা ২৫ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিল লৈ চৰকাৰৰ বিৰুদ্ধে সৰ্বাত্মক অসহযোগ আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি হুংকাৰ দিয়ে।
-ইনামুল আহমেদ(অভয়াপুৰী)