Assam State Zoo cum Botanical Garden: অসম চিৰিয়াখানাৰ পৰা সন্ধানহীন যুৱকক লৈ চাঞ্চল্য, পৰিচয় উন্মোচিত

ডিজিটেল ডেস্ক: Assam State Zoo cum Botanical Garden অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা সন্ধানহীন হোৱা যুৱকজনক লৈ উদ্ভৱ হোৱা চাঞ্চল্যৰ মাজতে অব্যাহত আছে উদ্ধাৰ অভিযান। ইতিমধ্যে যুৱকজনৰ পৰিচয় প্ৰকাশ পাইছে। আৰক্ষীৰ সূত্ৰ মতে, সন্ধানহীন যুৱকজন মেঘালয়ৰ ৰেংৰো চাইডৰ হাতীদঙা গাঁওৰ বাসিন্দা বুল্ট মোৰ ব’থমিট (Bulitmore Bothmit) বুলি চিনাক্ত কৰা হৈছে।

২২ বছৰীয়া বুল্ট মৰ ব’থমিট বৃহস্পতিবাৰে বিয়লি ২.৫৬ বজাত অসম চিৰিয়াখানাত প্ৰৱেশ কৰিছিল। তাৰ পাছতে তেওঁ সন্ধানহীন হৈ পৰে। ঘটনাৰ পিছতে পৰিয়ালৰ পক্ষৰ পৰা থানাত এজাহাৰ দাখিল কৰা হৈছে।

ঘটনাৰ তদন্তত নামি পৰা আৰক্ষীয়ে ইতিমধ্যে যুৱকজনৰ এটা বেগ উদ্ধাৰ কৰিছে। উক্ত বেগটোত কেইবাটাও নথি-পত্ৰ পোৱা গৈছে, যাৰ সহায়ত তেওঁৰ পৰিচয় নিশ্চিত কৰা হয়।

সূত্ৰ অনুসৰি, বুল্ট মৰ ব’থমিটে এমাহ পূৰ্বে এখন কোচিঙ কেন্দ্ৰত নামভৰ্তি কৰিছিল। যদিও চিৰিয়াখানাৰ ভিতৰত ঠিক কেনেকৈ সন্ধানহীন হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে চিৰিয়াখানাৰ চি চি টিভি ফুটেজ পৰ্যবেক্ষণ কৰি তদন্ত অব্যাহত ৰাখিছে।

Related Articles