Breaking

সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ কাৰিকৰী বঁটা লাভ অসম টাং ডু প্ৰশিক্ষক দেৱজিৎ গগৈৰ

0 1,065

সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ কাৰিকৰী বঁটা লাভ অসম টাং ডু প্ৰশিক্ষক দেৱজিৎ গগৈৰ।দিল্লীত সমৰকলা  খেলুৱৈয়ে উৰুৱালে অসমৰ বিজয় নিচান।ৰাষ্ট্ৰীয় টাং চু ডুত অসমৰ সাফল্য । অসমে আজুৰি আনিলে ৩০ টাকৈ পদক।অসমভূমিত উষ্ম আদৰণি।চলিত মাহৰ ১৩ ৰ পৰা ১৫ মে’লৈ নতুন দিল্লীত অনুষ্ঠিত হয় অষ্টম সংখ্যক ৰাষ্ট্ৰীয় টাং চু ডো চেম্পিয়নশ্বিপ।অসম টাং চু ডো সন্থাৰ তত্বাৱধানত অংশ ললে অসমৰ এটা বৃহৎ দলে । ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ টাং চু ডো খেলুৱৈসকলে দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । বিভিন্ন শাখাত মুঠ ৩০ টা পদক অৰ্জনেৰে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত জিলিকিল অসম । ইয়াৰে ৫ টা স্বৰ্ণ, ৯ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জ লাভেৰে গৌৰৱান্বিত কৰিলে অসম মাতৃক ।উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া বিৰতিৰ পাছত এনে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উৎসাহিত হৈ পৰিল অসমৰ টাং চু ডো খেলুৱৈ।পদকজয়ী খেলুৱৈসকল গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত উপস্হিত হোৱাৰ লগে লগে অসম টাং চু ডো সন্থাৰ পৰা জনোৱা হল উষ্ম আদৰণি । অসম টাং চু ডো সন্থাৰ কোষাধ্যক্ষ ভাস্কৰ জ্যোতি গগৈৰ সহিতে সন্থাৰ সদস্যসকলে সকলোকে জনালে অভিনন্দন ।

ইফালে অসম টাং চু ডোৰ মুখ্য প্ৰশিক্ষক তথা কাৰিকৰী প্ৰশিক্ষক দেৱজিৎ গগৈয়ে এই প্ৰতিযোগিতাত অৰ্জন কৰিছে আন এক সন্মান । তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত ২০২১-২২ বৰ্ষৰ শ্ৰেষ্ঠ কাৰিকৰী বঁটা লাভ কৰি অসমক গৌৰৱান্বিত কৰিলে।ক্ৰীড়া অনুৰাগীৰ আশা — অপ্ৰতিৰোধ্য হওক অসনৰ টাং চু ডো খেলুৱৈ।এই বিজয় ধাৰাই স্পৰ্শ কৰক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ উন্নত শিখৰ ।

Leave A Reply