অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ৷ (assam weather) বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিলে সতৰ্কবাণী৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণীত সমগ্ৰ মধ্য, উত্তৰ, উপকূলীয় আৰু উত্তৰ-পূব ভাৰতত কেইবাদিনো ধৰি প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰা হৈছে৷ লগতে আই এম ডিয়ে কেইবাখনো ৰাজ্যৰ বাবে কমলা আৰু ৰঙা সতৰ্কবাণী জাৰি কৰি নগৰীয়া বান, ভূমিস্খলন আৰু যাতায়াতত ব্যাঘাত জন্মাব পৰাৰ অধিক আশংকা থকাৰ সতৰ্কবাণী জাৰি কৰিছে ৷
উত্তৰ-পশ্চিম ভাৰতৰ কেইবাখনো ৰাজ্যত বাৰিষা আৰু সক্ৰিয় ঘূৰ্ণী বতাহৰ বাবে প্ৰবলৰ পৰা প্ৰবলতৰ বৰষুণৰ সম্ভাৱনা আছে৷ আই এম ডিয়ে পূৰ্বাভাস দিয়া ৰাজ্যকেইখন হৈছে– হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব আৰু হাৰিয়ানা৷ প্ত-জ্ঝ জুলাইলৈ প্ৰবল বৰষুণ, ৬-৭ জুলাইলৈ অতি প্ৰবল বৰষুণ৷ পূব ৰাজস্থান আৰু পূব উত্তৰ প্ৰদেশ ঃ ৪-৬ জুলাইলৈ প্ৰবল বৰষুণ৷ জম্মু অঞ্চল ঃ ৫-৮ জুলাইলৈ ধাৰাসাৰ বৰষুণ আৰু বানৰ সতৰ্কবাণী৷ মধ্যপ্ৰদেশ, ছত্তীশগড়, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডত ৯ জুলাইলৈ ধাৰাবাহিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷
উত্তৰ-পূব ভাৰতৰ ভিতৰত মেঘালয়ত ভূমি…লনৰ সম্ভাৱনা৷ আই এম ডিয়ে ৬ জুলাইত মেঘালয়ত অতি প্ৰবল বৰষুণ [২১ চেঃ মিঃ] হোৱাৰ সতৰ্কবাণী জাৰি কৰা হৈছে ৷ আনহাতে, ভংগুৰ পাহাৰীয়া ভূখণ্ডত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ আনহাতে অসম, মণিপুৰ, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশত মধ্যমীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে৷ গোটেই সপ্তাহটোতে ধুমুহা আৰু বজ্ৰপাত অব্যাহত থাকিব৷