বিহালী সমষ্টিৰ অন্তৰ্গত (Assam Weather) ৰাংছালী সোণাৰিস্থিত শংকৰদেৱ শিশু নিকেতনৰ বিস্তৰ ক্ষতি সাধন৷ উল্লেখ্য, এজাক ধুমুহাত বিহালীৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাংছালী জনতাত বিদু্যতৰ তাঁৰ ছিঙি লণ্ড-ভণ্ড, জামুৱনী প্ৰাথমিক বিদ্যালয়ত প্ৰকাণ্ড গছ পৰি বৃহৎ ক্ষতি সাধন কৰে৷ আনহাতে, শংকৰদেৱ শিশু নিকেতনখনৰ গৃহত গছ পৰি ক্ষতি সাধন হয়৷ উল্লেখ্য যে বিদ্যালয়ৰ চাৰিওফালে থকা বৃহৎ গছবোৰৰ ডালসমূহ কাটিবলৈ বিগত সময়ত বন বিভাগৰ পৰা অনুমতি বিচৰা হৈছিল, কিন্তু বন বিভাগে অনুমতি প্ৰদান নকৰিলে৷এই ঘটনা সংঘটিত হোৱাত বিদ্যালয়ৰ কতৃৰ্পক্ষই ক্ষোভ প্ৰকাশ কৰিছে যে এই ধুমুহাজাক দিনৰ ভাগত বিদ্যালয়ত পাঠদানৰ সময়ত অহা হ’লে বিপদ অনিবাৰ্য, গতিকে বিদ্যালয়ৰ কতৃৰ্পক্ষ কাতৰ প্ৰাৰ্থনা যাতে বন বিভাগে এই গছৰ ডালসমূহ কাটিবলৈ অনুমতি প্ৰদান কৰি এই কণ কণ শিশুসকলক সুৰক্ষা প্ৰদান কৰে৷ এইদৰে মন্তব্য প্ৰকাশ কৰিছে বিদ্যালয় কতৃৰ্পক্ষই৷
ধুমুহাত বিস্তৰ ক্ষতি নাগ্ৰীজুলি চাহ বাগিচাত। তামুলপুৰ জিলাৰ নাগ্ৰীজুলি অঞ্চলত যোৱানিশা অহা প্ৰলয়ংকৰী ধুমুহাই নাগ্ৰীজুলি চাহ বাগিচাৰ বিভিন্ন প্ৰান্তত প্ৰভূত ক্ষতিসাধন কৰে৷ স্থানীয় সূত্ৰৰ খবৰ মতে প্ৰলয়ংকৰী ধুমুহাই শ্ৰমিকৰ পকা, কেঁচা ঘৰ, ষ্টাফ কোৱাৰ্টাৰ, ফেঞ্চিং, সৌৰ ফেঞ্চিং, ইলেক্টিªকেল লাইন আদিৰ বিস্তৰ ক্ষতিসাধন কৰে৷
ৰহাত ধুমুহাত ভাগিল গছ ৰাষ্ট্ৰীয় পথ বন্ধ, কেইবা ঘণ্টা বন্ধ যাতায়াত।
ৰহাৰ জোঙাল বলহু গড়ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যোৱানিশা ভাগি পৰিল পথৰ কাষত থকা এডাল প্ৰকাণ্ড ইউক্লিপটাছ গছ৷ নিশা প্ৰায় দুই বজাত অহা এজাক সামান্য বতাহ-বৰষুণৰ ফলতেই জোঙাল বলহু গড় মীন পামত থকা গছজোপা এনেদৰে চাৰিশাখাযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ভাগি পৰে৷ ফলত নিশাৰে পৰা পথৰ ওপৰত আবদ্ধ হৈ পৰে বহু যান-বাহন আৰু সৃষ্টি হয় তীব্ৰ যানজঁটৰ৷ পুৱালৈ ৰাষ্ট্ৰীয় ঘাই পথটো ৱান ৱে কৰি যান-বাহন চলাচল অব্যাহত ৰখা হয়৷ ইপিনে স্থানীয় লোকে আৰক্ষীৰ লগতে বন বিভাগৰ লোকক পুৱাই খবৰ দিয়ে যদিও বন আৰু আৰক্ষীৰ লোক পলমকৈ ঘটনাস্থলীত পুৱা উপস্থিত হৈ গছডাল আঁতৰোৱাৰ ব্যৱস্থা কৰিহে পথটো যাতায়াতৰ বাবে সু-ব্যৱস্থা কৰিবলৈ সক্ষম হয়৷