Assam Weather: গৰম সহ্য কৰিব নোৱাৰা সকলৰ বাবে ভাল খবৰ! অসমত কেতিয়া, ক’ত, ক’ত বৰষুণ হ’ব?

প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে ৰাজ্যক।(Assam Weather) এনে সময়তে আহিছে এক ভাল খবৰ। অসমত হব প্ৰচণ্ড বৰষুণ। এই সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী।

১৩ জুনৰ পৰা ১৭ জুনলৈ অসমত হালধীয়া সতৰ্কবাণী জাৰি কৰিছে। সমগ্ৰ অসমতে বৰষুণ অহাৰ সম্ভাৱনা জাৰি কৰিছে।১৩ জুন, ১৪ জুন আৰু ১৫ জুনত অসমত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিত ধুমুহা অহাৰ সম্ভাৱনা আছে।

আনফালে ১৬ আৰু ১৭ জুনত অসমত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিত ধুমুহা অহাৰ সম্ভাৱনা আছে বুলি ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ১৭ জুনলৈ অসমত হালধীয়া সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।

Related Articles