১৭খন জিলাত Yellow Alert, ৪খন জিলাত Orange Alert জাৰি । Assam Weather Update

Assam Weather Update । অসমত বতৰে ল’ব কালৰূপ! ১৭খন জিলাত Yellow Alert, ৪খন জিলাত Orange Alert জাৰি

অসমত পুনৰ বতৰ খৰাপ হোৱাৰ আশংকা। বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ আৰু অতিপাত বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰি Yellow Alert আৰু Orange Alert জাৰি কৰিছে।

Yellow Alert জাৰি কৰা জিলাসমূহত সম্ভাৱিত ধাৰাসাৰ বৰষুণৰ আশংকা প্ৰকাশ কৰা হৈছে। এই জিলাসমূহ হৈছে —

  • কোকৰাঝাৰ
  • চিৰাং
  • বাক্সা
  • বঙাইগাঁও
  • বৰপেটা
  • নলবাৰী
  • কামৰূপ (গ্ৰাম্য)
  • কামৰূপ (মহানগৰ)
  • গোৱালপাৰা
  • পশ্চিম কাৰ্বি আংলং
  • কাৰ্বি আংলং
  • ডিমা হাচাও
  • কাছাৰ
  • শিৱসাগৰ
  • চৰাইদেউ
  • ডিব্ৰুগড়
  • তিনিচুকীয়া

অন্যফালে, Orange Alert জাৰি কৰা জিলাসমূহত অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। এই জিলাসমূহ হৈছে —

  • দক্ষিণ শালমাৰা
  • ধুবুৰী
  • শ্ৰীভূমি
  • হাইলাকান্দি

বতৰ বিজ্ঞান বিভাগে ৰাজ্যবাসীক সতৰ্ক থকাৰ আহ্বান জনাইছে। বিশেষকৈ নদীৰ কাষৰ অঞ্চল আৰু ভূমি পৰিস্কলনৰ আশংকা থকা এলেকাত ৰৈ থকা লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Related Articles