অসম এতিয়া দ্বিতীয় কাস্মীৰ হ’ব : সত্যৰঞ্জন বৰা

নলবাৰী : অসমৰ পৰিস্থিতি উত্তপ্ত হ’বলৈ গৈ আছে। কাস্মীৰৰ পণ্ডিত সকলৰ দৰে অসমৰ পৰা হিন্দু সকলে পলাব লগীয়া হব । আজি নলবাৰী জিলা প্ৰেছ ক্লাৱত সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে হিন্দুত্ব বাদৰ প্ৰবক্তা সত্যৰঞ্জন বৰাই। উল্লেখযোগ্য যে আজি নলবাৰী বাক্সা জিলাৰ সীমান্ত গড়ভিতৰত সত্যৰঞ্জন বৰাৰ আগমনক লৈ এক উত্তেজনাৰ সৃষ্টি হৈছিল । সত্যৰঞ্জন বৰাক বাধা প্ৰদান কৰি অবশেষত আৰক্ষী লৈ শিলা বৰ্ষণ কৰিছিল প্ৰতিবাদ কাৰীয়ে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চালনা কৰাৰ লগতে শূণ্যলৈ গুলিচালনা কৰিব লগীয়া হৈছিল । আৰু ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সত্যৰঞ্জন বৰাই কয় যে অসমত এতিয়া এজন হিন্দুই মন্দিৰলৈও যাব নোৱাৰা হ’ল। এতিয়া এজন হিন্দুৰ উপাসনা স্থলিলৈ যোৱাতো এজন হিন্দুক অসমত বাধা প্ৰদান কৰিব পৰা হল বুলিও তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ লগতে কয় যে তেওঁক যিমানেই বাধা নিদিয়ক তেওঁ তেওঁৰ কাম কৰি যাবই। আনহাতে মছজিদত মাইক ব্যৱহাৰ কৰা সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মাইক বন্ধ কৰা সম্পৰ্কে ন্যায়ালয়ৰ নিৰ্দেশ আছে। আমি সহনশীল হৈ থকা বাবেহে এতিয়াও মছজিদত মাইক ব্যৱহাৰ কৰিব পাৰিছে।

Related Articles