উড়িষাৰ ৰৌৰকেলাত ২৭ ৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হয় ১৯ সংখ্যক ৰাষ্ট্ৰীয় আই টি এফ টাইকোৱান-ডো চেম্পিয়নশ্বিপ ২০২৩। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ খেলুৱৈয়ে ১০ টা স্বৰ্ণসহ মুঠ ২৮ টা পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩০০ সদস্যই এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে। ইয়াত তত্বাৱধায়ক হিচাপে উপস্থিত থাকে ভাৰতীয় আই টি এফ টাইকোৱান-ডো ফেডাৰেচনৰ সভাপতি ছাবুম ৰাকেশ কুমাৰ বাৰ্মা আৰু ইণ্ডিয়ান আই টি এফ টাইকোৱান-ডো ফেডাৰেচনৰ সাধাৰণ সম্পাদক ছাবুম সঞ্জয় চৌহান।
ৰৌৰকেলাৰ কলিংগা টাইকোৱান-ডো এছ’চিয়েচনৰ উদ্যোগত আৰু ভাৰতৰ ভাৰতীয় আই টি এফ টাইকোৱান-ডো ফেডাৰেচনৰ দ্বাৰা পৰিচালিত হয় এই প্ৰতিযোগিতা। এই চেম্পিয়নশ্বিপত টাইকোৱান-ডো এছ’চিয়েচন, অসমৰ ৩ গৰাকী বিষয়া আৰু ১৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অসম দলৰ নেতৃত্বত টাইকোৱান-ডো এছ’চিয়েচন অসমৰ সাধাৰণ সম্পাদক ৰবিজিৎ ৰাজকুমাৰ আৰু সংগ দিয়ে ১নং ডেন ব্লেক বেল্ট অমিত সেন আৰু ব্লেক বেল্ট ১ম ডেন নিলোৎপল নিলয় ফুকনে। অসম দলটোক প্ৰশিক্ষণ প্ৰদান কৰে ডাঃ হীৰক দাস, সভাপতি, টাইকোৱান-দো সন্থা অসম (আই টি এফ), ডাঃ ৰবিজিৎ ৰাজকুমাৰ, বিনোদ বৈশ্য, অমিত সেন আৰু মি. নিলোৎপল নিলয় ফুকনে।

অসম দলে ১০টা সোণ, ৮ টা ৰূপ আৰু ১০ টা ব্ৰঞ্জকে ধৰি মুঠ ২৮ টা পদক লাভ কৰে।
এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ হৈ পদক জয় কৰা খেলুৱৈসকল হ’ল
অমিত সেন, ব্যক্তিগত পেটাৰ্ণ (ছিনিয়ৰ, ব্লেক বেল্ট, পুৰুষ);
মনিগ্ৰীভ গগৈ, ব্যক্তিগত স্পাৰিং (ছিনিয়ৰ, ব্লেক বেল্ট, পুৰুষ);
ভাস্বতী দাস, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ছোৱালী);
ময়ুক জ্যোতি দত্ত, ব্যক্তিগত পেটাৰ্ণ (পুৰুষ);
তুহিন কোঁৱৰ, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ল’ৰা);
অধিৰাজ বৰদলৈ, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ল’ৰা);
ফাৰহান মাহফুজ ইছলাম,
ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ল’ৰা);
মানব জ্যোতি মণ্ডল, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ল’ৰা) আৰু
কৃষ খাউণ্ড, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ল’ৰা) ।
ৰূপৰ পদক অৰ্জন কৰা খেলুৱৈসকল হ’ল
অমিত সেন, ব্যক্তিগত স্পাৰিং (ছিনিয়ৰ ব্লেক বেল্ট, পুৰুষ)
মনিগ্ৰীভ গগৈ ব্যক্তিগত পেটাৰ্ণ (ছিনিয়ৰ ব্লেক বেল্ট, পুৰুষ);
হিয়া কাকতি, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ছোৱালী);
কৃষ্ণশ্ৰী দাস, ব্যক্তিগত পেটাৰ্ণ (মহিলা);
হেমাংগ জ্যোতি দত্ত, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ল’ৰা);
দীপতাংশু জ্যোতি দত্ত, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ল’ৰা),
ময়ুক জ্যোতি দত্ত, ব্যক্তিগত স্পাৰিং ((ছাব জুনিয়ৰ ল’ৰা); আৰু কৃষ্ণশ্ৰী দাস, ব্যক্তিগত স্পাৰিং ((ছাব জুনিয়ৰ ছোৱালী) ।
আনহাতে ব্ৰঞ্জৰ পদক লাভ কৰিছে
ভাস্বতী দাস, ব্যক্তিগত পেটাৰ্ণ (মহিলা);
হিয়া কাকতি, ব্যক্তিগত পেটাৰ্ণ (মহিলা);
হেমাংগ জ্যোতি দত্ত
ব্যক্তিগত পেটাৰ্ণ (পুৰুষ);
দীপতাংশু জ্যোতি দত্ত,
ব্যক্তিগত পেটাৰ্ণ (পুৰুষ);
কৃষ খাউণ্ড, ব্যক্তিগত পেটাৰ্ণ (পুৰুষ);
মানব জ্যোতি মণ্ডল, ব্যক্তিগত পেটাৰ্ণ (পুৰুষ);
অহিৰ ৰাগ গোস্বামী, ব্যক্তিগত স্পাৰিং ((ছাব জুনিয়ৰ ল’ৰা);
ওম বাছফৰ, ব্যক্তিগত স্পাৰিং ((ছাব জুনিয়ৰ ল’ৰা);
দেৱৰাজ বৰদলৈ, ব্যক্তিগত স্পাৰিং ((ছাব জুনিয়ৰ ল’ৰা) আৰু
গৰিমা গৌৰাত্ৰা, ব্যক্তিগত স্পাৰিং ((ছাব জুনিয়ৰ ছোৱালী)।
দলীয় পেটাৰ্ণছ (পুৰুষ, কালাৰ বেল্ট শাখা)তো সোণৰ পদক লাভ কৰে অসমে। অসমৰ দলটোক প্ৰতিনিধিত্ব কৰে হেমাংগ জ্যোতি দত্ত, দেৱৰাজ বৰদলৈ, দীপতাংশু জ্যোতি দত্ত, ময়ুক জ্যোতি দত্ত আৰু অধীৰাজ বৰদলৈয়ে।
প্ৰতিযোগিতাৰ সময়তে ব্লেক বেল্ট পৰীক্ষাও অনুষ্ঠিত হয়। এই পৰীক্ষা পৰিচালনা কৰে ভাৰতীয় আই টি এফ টাইকোৱান-ডো ফেডাৰেচনৰ সাধাৰণ সম্পাদক ছাবুম সঞ্জয় চৌহানে। পৰীক্ষাত অসমৰ দুগৰাকী খেলুৱৈ হিয়া কাকতি আৰু ভাস্বতী দাসক ব্লেক বেল্টৰ ১ম দানেৰে সন্মানিত কৰা হয়।
গুৱাহাটীৰ লাল গণেশৰ আস্থা একাডেমীৰ সমৰ কলা কেন্দ্ৰৰ ছাত্ৰী হিয়া কাকতি। তেওঁ দিপাংকৰ কাকতি আৰু ৰেখা কাকতিৰ কন্যা। হিয়া গুৱাহাটীৰ জ্যোতিকুছিৰ জ্ঞান শিক্ষানুষ্ঠানৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। আনহাতে গুৱাহাটীৰ গণেশগুৰিৰ দিছপুৰ কলেজ সমৰ কলা কেন্দ্ৰৰ ছাত্ৰী ভাস্বতী দাস। তেওঁ দিতু কুমাৰ দাস আৰু কমলা সিং দাসৰ কন্যা তথা গুৱাহাটীৰ গীতনগৰৰ ফেকাল্টী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী। এই বাতৰি প্ৰেৰণ কৰিছে টাইকোৱানডো এছ’চিয়েচন, অসমৰ সভাপতি ডাঃ হীৰক দাসে।

