অসম

Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী ‘বিস্ময়’ৰ(Bismaya) সম্পাদক শশী ফুকনৰ আজি মৃত্যু হয়। শুকুৰবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শশী ফুকনে শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, নিশা ১০.৩০ বজাৰ পৰা স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিছিল(Shashi Phukan)।

Gogoi’s Raijor Dol: গৌৰৱ গগৈক সমালোচনা, লুৰিণজ্যোতি গগৈক আহ্বান ৰাইজৰ দলৰ

কংগ্রেছত আনুষ্ঠানিকভাৱে যোগদান নকৰাকৈ বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰক্ষেপক কেন্দ্ৰ কৰি অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ৰাইজৰ দল(Gogoi's Raijor Dol)৷ শুকুৰবাৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে শিৱসাগৰ জিলাৰ ডিমৌ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে৷

ADREৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত নিগেটিভ মাৰ্কিং থাকিবনে নাই !

২৭ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ৫,০২৩টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। ১,৪৮৪টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাৰ বাবে কৰা হৈছে বিশেষ ৰে’লৰ ব্যৱস্থা। ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। (ADRE)

National Film Festival 2024: জ্যোতি চিত্ৰবনত ২৬ অক্টোবৰৰ পৰা চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ

চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ লগতে ভাৰতৰ কেবাহাজাৰ বৰ্ষ পুৰণি সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যক শ্ৰদ্ধা জ্ঞাপনৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ(National Film Festival 2024) ২৬ আৰু ২৭ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত ৫০খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে(Jyoti Chitraban)

Asom Sanmilita Morcha । ৰাজ্যত গঠন হ’ল কংগ্ৰেছবিহীন অসম সন্মিলিত মঞ্চ !

বিহালীৰ আসনখন কংগ্ৰেছে মিত্ৰদলক এৰি নিদিয়াৰ পৰিণতিত ভূপেন বৰাই অসম সন্মিলিত মঞ্চৰ সভাপতি এৰি দিয়াৰ পিছত আজি কংগ্ৰেছক বাদ দি মঞ্চৰ বাকী দলসমূহে সাংসদ অজিত কুমাৰ ভূঞাক অসম সন্মিলিত মঞ্চৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰে ৷ (Asom Sanmilita Morcha) আজি মঞ্চৰ এক বৈঠকত জাতীয় দলৰ সভাপতি অজিত কুমাৰ ভূঞাক সভাপতিৰ দায়িত্ব দিয়াৰ লগতে জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালুকদাৰক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয়। আনহাতে সাধাৰণ সম্পাদকৰ দায়িত্বত লুৰীণজ্যোতি গগৈয়েই ৰখাৰ সিদ্ধান্ত কৰা হয় ৷ (Asom Sanmilita Morcha)

Popular