সু-খবৰ: ২৭ জানুৱাৰীত ৰাজ্যৰ ৩১ টা চিনেমা হলত মুক্তি পাব অসমীয়া চিনেমা ‘অনুৰ’

অৱশেষত বাধ্য হ’ল পাঠানৰ সমান্তৰাল ভাৱে অসমীয়া চিনেমা ‘অনুৰ’ চিনেমা গৃহত মুক্তি দিবলৈ। ৰাজ্যৰ ৩১ টা চিনেমা হলত মুক্তি লাভ কৰিব অসমীয়া চিনেমা অনুৰে।

সাহিত্য অকাদেমী বটাঁ প্ৰাপক সাহিত্যক অনুৰাধা শৰ্মা পুজাৰীৰ এটা ছুটি গল্পৰ আধাৰত নিৰ্মাণ কৰা অসমীয়া ছবিখনক লৈ আশংকাৰ সৃষ্টি হৈছিল। শ্বাহৰুখ খান অভিনীত ছবি ‘পাঠান’ৰ সৈতে একেদিনাই ছবিখন মুক্তি দিয়াক লৈ সৃষ্টি হৈছিল সমস্যা।

২০২২ ৰ মে’তেই এই ছবিখনৰ মুক্তিৰ কথা পৰিচালক মঞ্জুল বৰুৱাই সদৰি কৰিছিল। কিন্তু এক শক্তিশালী লবীয়ে শেষ পৰ্যন্ত ছবিখনৰ মুক্তিৰ বাবে চিনেমা হল নিদিয়াক লৈ তীৰ্ব প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

তেনে চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ পাছতেই এদিনৰ আগলৈকে অসমীয়া ছবিখনৰ সন্দৰ্ভত বিপৰীত ছবি গ্ৰহণ কৰি পাঠানক লৈ ব্যস্ত হৈ পৰা এই চক্ৰটোৱে বাধ্যত পৰি পৰিচালকগৰাকীয়ে বিচৰা ধৰণে ৰাজ্যৰ ৩১ টা ছবিগৃহত ছবিখন মুক্তি দিবলৈ সিদ্ধান্ত লয়।

মঞ্জুল বৰুৱাই উৎসাহেৰ জানিবলৈ দিয়ে, ২৭ জানুৱাৰীত ৰাজ্যত ৩১ টা ছবিগৃহত এই ছবিখনে মুক্তি লাভ কৰিব। কলাত্মক ছবি নিৰ্মাণৰ বাবে পৰিচিত মঞ্জুল বৰুৱাৰ এইখন তৃতীয় ছবি। এই ছবিখনে ইতিমধ্যে কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো অংশ লৈ সুনাম কঢ়িয়াই আনিছে। ‘ইণ্ডিয়ান চিনেমা নাউ’ শাখাত দেশৰ ৭ খন চলচ্চিত্ৰৰ ভিতৰত অনুৰো অন্তৰ্ভুক্ত হৈছিল।

‘শিৱম ক্ৰিয়েচন’ৰ বেনাৰত ড০ গোপেন্দ্ৰ মোহন দাসৰ প্ৰযোজনাৰে নিৰ্মাণ কৰা ‘অনুৰ’ অনুৰাধা শৰ্মা পূজাৰী ‘এজন পুৰুষ আৰু এজন নাৰী’ শীৰ্ষক গল্প সংকলনৰ পৰা ‘ভালপোৱৰ সময়’ গল্পটোৰ আধাৰত মঞ্জুল বৰুৱাই নিৰ্মাণ কৰিছে।

ছবিখনত বলিউডৰ জনপ্ৰিয় অভিনেতা ৰজত কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ডাঃ জাহানাৰা বেগম, বলৰাম দাস, উদয়ন দুৱৰা, বিভুটি ভুষন হাজৰিকা, ৰাজশ্ৰী শৰ্মা, বিদ্যা ভাৰতী, কুল-কুলদীপ, ডাঃ জয়ন্ত দাস, ৰয়ন্তী ৰাভা, অমুল্য কাকতি, মানস দাস, শ্ৰুতিমালা শইকীয়া, ময়ুৰ দাস, অঞ্জনাভ ৰাজখোৱা, কণমানি আখ্যা কাশ্যপকে ধৰি বহু ন-পুৰনি অভিনেতাৰ অভিনয়ো দৰ্শকে ছবিখনত উপভোগ কৰিবলৈ পাব। ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে সুমন দুৱৰাই।

ৰাষ্ট্ৰীয় বটাঁ প্ৰাপক সংগীত পৰিচালক তৰালি শৰ্মা সংগীত পৰিচালনাৰ দায়িত্বত আছে। গীত সমূহত কণ্ঠ দিছে ৰুপম ভূঞা আৰু তৰালী শৰ্মাই। ফেশ্যন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ কষ্টিউম, অমৃত প্ৰীতমৰ শব্দ ডিজাইন, দেৱজিৎ চাংমাই শব্দ মিক্সিং, ৰাষ্ট্ৰীয় বটাঁপ্ৰাপক দেৱজিৎ গায়নৰ লকেচন চাউণ্ড ৰেকৰ্ডিং, ঘনশ্যাম কলিতাৰ ৰং ৰূপাংকন, তীব্ৰজ্যোতি বৈৰাগীৰ ৰূপসজ্জা, পণজিৎ চাংমাইৰ কলা নিৰ্দেশনা, হিমেন বৰাৰ প্ৰযোজনা নিয়ন্ত্ৰন কৰা ছবিখনত অন্বেষা কটকীয়ে স্ক্ৰীপ্ট ছুপাৰভাইজ কৰাৰ উপৰিও ডাইৰেক্টৰছ এছিছটেন্টৰ দায়িত্বত আছে।

আনহাতে, ‘অনুৰ, আইজ অন দ্য  ছানছাইন’ত মুখ্য সহকাৰী পৰিচালক হিচাপে কৰিছে ঘনশ্যাম কলিতা আৰু কাষ্টিং কৰিছে ৰনাল্ড হুছেইনে। সহকাৰী পৰিচালক হিচাপে আছে ৰনাল্ড হুচেইন আৰু সমৰ জ্যোতি সৰকাৰ। ছবিখনৰ ভিএফক্স কৰিছে লুমা পিক্সেল আৰু ৰাকেশ মেধিয়ে। ‘ছাৱটাইটেল’ৰ কাম কৰিছে আৰমবাম দেৱাশিষ সিংহই। প’ষ্টাৰ ডিজাইন কৰিছে ৰিতুপৰ্ন বৰা আৰু অভিজিৎ লস্কৰে।

Related Articles