অসমীয়া চিনেমা জগতৰ অন্যতম সংযোজন কেচটো নগেন!(Assamese Film) সম্প্রতি চৰ্চাত থকা বিষয়টোৱেই হৈছে নগেন কোন? কাৰণ নগেনক বিচাৰিয়েই হাবাথুৰি খাই আছে সকলোৱে।(Casetu Nagen)চিনেমাখন উপভোগ কৰাসকলেহে বিচাৰি পাব নগেনক। কি কাৰণত নগেনক বিচাৰি কচুবাৰী গাঁওত আগমণ ঘটে ফণীৰ চৰিত্ৰত হিমাংশু প্ৰসাদ দাসৰ। ইয়াৰ ৰহস্য চিনেমাখন উপভোগ কৰিলেই জানিব পাৰিব। ফণী’ ৰ যোগেদি নগেনক বিচাৰি থকাৰ উৎকণ্ঠাৰ মাজতেই দৰ্শক ৰাইজে লাভ কৰিব বহু বাৰ্তা। এক বাস্তৱধৰ্মী কাহিনীৰ আধাৰত ৰচিত চিনেমাখনত ফুটি উঠিছে সাম্প্ৰতিক সময়ৰ কেইবাটাও বাস্তৱ প্ৰতিচ্ছবি। কিদৰে চেইন চিষ্টেম ব্যৱসায়ৰ নামত এচাম সুবিধাবাদী প্ৰবঞ্চকে জাল পাতি গাঁৱৰ সাধাৰণ লোকসকলক উপাৰ্জনৰ লোভ দেখুৱাই টকা আত্মসাৎ কৰি পলায়ন কৰে।
দুগুণ, তিনিগুণ লাভ হোৱাৰ আশাত কষ্টেৰে অৰ্জা ধন সম্পতি নিমিষতে হেৰুৱাই সৰ্বস্বান্ত হয় লোকসকল আৰু ইয়াৰ সুযোগ লাভ কৰে সমাজৰ এচাম সুবিধাবাদী ধনিক শ্ৰেনিয়ে। গাঁওখনৰ নিজকে ৰজা বুলি ভৱা পদ্মৰামৰ চৰিত্ৰটোৰ উপস্থাপনৰ দ্বাৰা খাটি খোৱা লোকৰ চাউল, মাটি- বাৰী আৰু ধন- সম্পত্তি চলে বলে কৌশলেৰে আত্মসাৎ কৰি ধনী হব খোজাসকলৰ প্ৰতি যেন এটি সকীয়নি প্ৰদান কৰিছে। চিনেমাখনত এইটোও প্ৰতিফলিত হৈছে যে গাঁওসমূহ আগৰ দৰে হৈ থকা নাই। আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ হৈ পৰা মনবোৰ ফুটাই তুলিছে চিনেমখনত। লগতে প্ৰকাশ পাইছে ভিতৰুৱা গাঁওসমূহৰ নিৰক্ষৰতা আৰু শিক্ষা গ্ৰহণৰ প্রতি থকা অনিহাৰ ছবি এখনো।
অনুন্নত বাট- পথ, বিজুলী বাতিৰ সংযোগ নথকা সীমান্তৱৰ্তি পাহাৰৰ দাঁতিকাষৰীয়া কচুবাৰী গাঁওখন, য’ত দলঙৰ অভাৱত নাৱেৰে প্ৰৱেশ কৰিব লাগে। এই প্ৰতিচ্ছবিখনৰ দ্বাৰা চৰকাৰী পক্ষলৈও যেন এক বাৰ্তা। কাৰণ ৰাজ্যৰ বহু ঠাইত কোনোধৰণৰ উন্নয়নে ঢুকি নোপোৱা গাঁও এতিয়াও আছে। লগতে আছে শিক্ষানুষ্ঠানৰ অভাৱত নিৰক্ষৰ হৈ থাকিবলগা হোৱা গাঁওবাসী। চিনেমাখনত দেখুওৱাৰ দৰেই মাত্ৰ নিৰ্বাচনৰ সময়ত সামগ্ৰী বিলাই ভোট বিচাৰি অহাৰ বাদে অন্য সময়ত জনপ্ৰতিনিধি সকলে খবৰ নৰখাটো বাস্তৱত ঘটি থকা ঘটনাই।
যোৱা ১৩ মে’ ত মুক্তি লাভ কৰা ধনজিত দাসৰ পৰিচালনা আৰু খালেকুৰ জামানৰ প্ৰযোজনাত নিৰ্মিত ছবিখনে হিমাংশু প্ৰসাদ দাস, অমৃতা গগৈ, তপন দাস, সিদ্ধাৰ্থ মুখাৰ্জী, প্ৰনামি বৰা, অতুল পাচনি, অতনু মহন্ত, প্ৰশান্ত কলিতা, নিতু বৰ্মন ৰাজিয়ুঙকে প্ৰমুখ্যে কৰি বিভিন্ন ন- পুৰণি অভিনেতা অভিনেত্ৰীসকলৰ সুন্দৰ অভিনয়েৰে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মাত্ৰ দুই এঠাইত কিছু লেহেমীয়া গতি হোৱাৰ বাহিৰে চিনেমাখনত এক্সন, ৰোমাঞ্চ আৰু গীতৰ সুন্দৰ সংমিশ্ৰণ ঘটিছে। দেৱদ্বিপ বৰাৰ ‘ শুকান খৰি ’ ৰেপ গীতটোৱে জনপ্ৰিয়তা লাভ কৰিছে। চানডুবি আৰু পশ্চিম কাৰ্বি আংলঙৰ উমচুৱাইৰ প্ৰাকৃতিক পৰিৱেশে চিনেমাখনক এক মাত্ৰা প্ৰদান কৰিছে। চিনেমাখনৰ শেষত তপন দাসে নেপথ্যত ‘ কচুবাৰি গাঁওখন কিন্তু সলনি নহল ’ বুলি কোৱা কথাষাৰে দৰ্শক ৰাইজৰ মনত এক চিন্তাৰ উদ্বেগ জগাই তোলে।