মাজুলী : মাজুলী জিলাৰ আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ মাজৰ দুৰ্গম চাপৰিসমূহত সফলতাৰে ‘অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচী’ (আছাম কমিউনিটী ছাৰ্ভিলেন্স প্ৰগ্ৰাম) সম্পূৰ্ণ কৰে মাজুলীৰ নৌকা চিকৎসালয় টীম (বোট ক্লিনিক, মাজুলী)-এ। জিলাখনৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ অতি আওহতীয়া গাঁও পঞ্চায়ত দুখনৰ এলেকাধীন পগলা চাপৰি, বক্সি চাপৰী, ধোদাং, ভেকেলী, বুঢ়া চাপৰি, সুবিধা চাপৰি, বালি চাপৰি, নাৰমাৰী, বাঘে ধৰা, সুবিধা কলিতা, ঘিটিং চাপৰি আদিত বোট ক্লিনিক টীমে এই কাৰ্যসূচীৰ অধীনত চাপৰিবাসী ৰাইজৰ মাজত বিশেষ স্বাস্থ্য জৰীপ চলায়। এই কাৰ্যসূচীৰ জৰিয়তে বোট ক্লিনিক টীমে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ লগতে ইনফ্লুয়েঞ্জা, জাপানীজ এনকেফেলাইটিজ, মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধত সহায়ক হোৱাকৈ চাপৰি এলেকাসমূহত বাস কৰা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে।