Breaking

ব্ৰিটেইনৰ হাউছ অৱ লৰ্ডছত অসমৰ কবিৰ কবিতা পাঠ

0 70

বিশ্ব সাংস্কৃতিক বৈচিত্ৰতা দিৱসৰে সংগতি ৰাখি ভাৰতত ভাষাগত বৈচিত্ৰতা শীৰ্ষক এক অনুষ্ঠান অলপতে ব্ৰিটিছ সংসদৰ হাউছ অৱ লৰ্ডছত অনুষ্ঠিত হয়।


অল পাৰ্লিয়ামেন্টেৰী গ্ৰুপ অন মৰ্ডাণ লেংগুৱেজেছৰ সহযোগত সাংস্ক্ৰতি চেণ্টাৰ ফ’ৰ কালচাৰেল এক্সিলেঞ্চ শীৰ্ষক সংস্হাটোৱেআয়োজন কৰাএই অনুষ্ঠান লণ্ডণ স্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ আতিথ্যত আয়োজিত হয়।


ভাৰতৰ ১৮টাকৈ ভাষাৰ কবিয়ে অংশগ্রহণ কৰা এই সন্মানীয় অনুষ্ঠানত অসমৰ গীতা কক্ ছে স্বৰচিত কবিতা পাঠ কৰে।


চাৰটাৰ্ড ইনষ্টিটিউট অৱ লিংগুইষ্ট শীৰ্ষক সংস্থাটো অন্যতম সহযোগী হিচাপে থকা এই অনুষ্ঠানত অসমীয়া ভাষাৰ উপৰি সংস্কৃত, ওড়িয়া, মাৰাঠী, পঞ্জাৱী, বাংলা,ডোগ্ৰী, সিন্ধ্ৰী, হিন্দী, কানাড়া, কাশ্মীৰী, কোংকনী, মৈথেলী,মালায়ালম, তেলেগু আৰু নেপালী ভাষাৰ কবিয়ে স্বৰচিত কবিতা পাঠ কৰে।

অনুষ্ঠানত সংস্ক্ৰতি চেন্টাৰৰ প্ৰতিষ্ঠাপক ৰাগাসুধা বিঞ্জামুৰীয়ে অৰুণাচল প্ৰদেশৰ টাই খামতি ভাষাৰ বিষয়ে বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে মণিপুৰী কবি লেইনা মৈৰাংথেমে প্ৰস্তুত কৰা এখনি পুস্তিকাও উন্মোচন কৰা হয়।


অনুষ্ঠানৰ শেষত লণ্ডনৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া ড° নন্দিতা ছাহুৱে সামৰণি মন্তব্য আৰু বক্তব্য প্ৰদান কৰে।

Leave A Reply