অসমৰ প্ৰথম মহিলা পাইলট ধীৰা চলিহা হাজৰিকাক অসম মহিলা অভিযন্তা সংস্থাৰ সম্বৰ্ধনা…

অসমৰ মহিলা অভিযন্তাসকলৰ একমাত্ৰ আৰু উমৈহতীয়া সংগঠন “অসম মহিলা অভিযন্তা সংস্থা (Women Engineer Forum of Assam)ৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি অলপতে দিশপুৰ লাষ্টগেটস্থিত লোক নিৰ্মাণ বিভাগৰ সন্মিলন গৃহত আয়োজিত এক অনুষ্ঠানত অসমৰ প্ৰথম গৰাকী মহিলা পাইলট ধীৰা চলিহা হাজৰিকাক সম্বৰ্দ্ধনা জনোৱা হয়। এই উপলক্ষে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সম্বৰ্দ্ধনা গ্ৰহণ কৰি ধীৰা চলিহা হাজৰিকাই বিমান চলোৱাৰ অভিজ্ঞতাৰ চমুকৈ আলোকপাত কৰি একাগ্ৰতা থাকিলে পুৰুষে কৰা সকলো কামেই মহিলায়ো কৰিব পাৰে বুলি ব্যক্ত কৰে। অনুষ্ঠানত সংস্থাৰ সদস্যা সকলৰ লগত এক মত-বিনিময় অনুষ্ঠানটো তেওঁ ভাগ হয় ৷

আনহাতে অনুষ্ঠানত অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠাপক তথা অসমত মহিলা অভিযান্ত্ৰিক শিক্ষাৰ বাটকটীয়া ক্ৰমে – ৰীতা ৰাজখোৱা, বন্দিতা ফুকন আৰু নয়ন ভাণ্ডাৰী শৰ্মাই অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ সময়ৰ স্মৃতি ৰোমণ্ঠন কৰে । অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে ভাগ লৈ কস্তৰবা আশ্ৰমৰ দময়ন্তী দেৱীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ , নীতি আৰু বৰ্তমান সমাজত প্ৰাসঙ্গিকতাৰ ওপৰত এক সাৰুৱা আৰু বহুমূলীয়া ভাষণ আগবঢ়ায় ৷ অনুষ্ঠানত অভিযন্তা গীতাঞ্জলি কাকতি, বিজুলী গোস্বামী আৰু পদুমী শৰ্মাই গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

Related Articles