Breaking

উত্তৰাখণ্ডত সন্ধানহীন হোৱা অসমৰ যুৱকৰ আজিও সন্ধান নাই

0 25

উত্তৰাখণ্ডত হোৱা জলপ্ৰলয়ৰ সময়ত নগাঁও জিলাৰ কামপুৰৰ দুজন যুৱক সন্ধানহীন হৈ পৰাৰ খবৰে  অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে আৰু এজন যুৱক সন্ধানহীন হোৱাৰ তথ্য পোহৰলৈ আহিছে।সন্ধানহীন হোৱা বুলি শেহতীয়াকৈ জানিব পৰা এই যুৱকজনৰ নাম সুশান্ত ডুলি।সুশান্তৰ ঘৰ হোজাই জিলাৰ কাকীত ।সুশান্ত ডুলি উত্তৰাখণ্ডত সন্ধানহীন হোৱা কমল দাসৰ খুলশালী।উল্লেখযোগ্য যে নগাঁও জিলাৰ কামপুৰৰ উত্তৰ চাংচকীৰ একে ঘৰৰে দুই ভাতৃ উত্তৰাখণ্ডত সন্ধানহীন  হোৱা ঘটনাই  ইতিমধ্যে সমগ্ৰ কামপুৰ অঞ্চলত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই যুৱক কেইজনৰ।যাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সদস্য সকল শংকিত হৈ পৰিছে ।উল্লেখযোগ্য যে উত্তৰাখণ্ডত হোৱা জলপ্ৰলয়ে জীৱন্তে উটুৱাই নিয়ে প্ৰায় ১৫০ৰো অধিক লোকক ৷ গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত চামোলী জিলাত ভয়ংকৰ পৰিৱেশ সৃষ্টি হয়।এটা সূত্ৰৰ পৰা জানিব পৰামতে গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা জলপ্ৰলয়ে পলকতে ধ্বংস স্তুপত পৰিনত কৰিছিল এটা অট্টালিকা ৷সেইখিনি সময়ত অট্টালিকাটোৰ  ভিতৰত ২১ জন লোক আছিল । ইয়াৰ ভিতবত অসমৰো এই তিনিজন যুৱক ক্ৰমে কমল দাস , অমৰজ্যোতি দাস আৰু সুশান্ত ডুলি আছিল।যাৰ বাবে যুৱক তিনিজন জলপ্ৰলয়তে সন্ধানহীন হোৱাৰ আশংকা প্ৰৱলহৈ উঠিছে।আজি কামপুৰৰ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হয় কামপুৰ চক্ৰৰ চক্ৰ বিষয়া সংগীতা বৰঠাকুৰ । চক্ৰবিষয়া গৰাকীয়ে চৰকাৰী ভাৱে কোনো তথ্য পোৱা নাই বুলি জানিব দিছে।সন্ধানহীন কমল দাসৰ এটি পাচঁমহীয়া কণমানি সন্তানো আছে। বৰ্তমানেও সন্ধানহীন হৈ থকা যুৱক তিনিজনৰ পৰিয়ালৰ লোকে যুৱক তিনিজনক উদ্ধাৰ কৰি পৰিয়ালক গটাই দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে।অন্যহাতেদি পুত্ৰদ্বয় সন্ধানহীন হোৱাৰ দুখত চিঞৰি চিঞৰি কান্দিছে তেওঁলোকৰ মাতৃয়ে ।

Leave A Reply