“বিশ্বনাথ ষ্টেটপুল শিক্ষক সন্থা” আৰু “সদৌ অসম ষ্টেটপুল শিক্ষক সন্থা”ৰ যৌথ উদ্যোগত সদ্যঘোষিত দ্বাদশ শ্ৰেণীৰ ইণ্ডিয়ান চাৰ্টিফিকেট অৱ ছেকণ্ডৰী এডুকেচন চমুকৈ ICSE পাঠ্যক্ৰমৰ পৰীক্ষাৰ কলা শাখাত ৯৯.৭৫% নম্বৰ লাভ কৰি দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি বিশ্বনাথ জিলাৰ বৰগাংৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অস্মিতা কাকতিক আজি সম্বৰ্ধনা জনোৱা হয়।”সদৌ অসম ষ্টেটপুল শিক্ষক সন্থা”ৰ উপসভাপতি তথা বিশ্বনাথ ষ্টেটপুল শিক্ষক সন্থাৰ মুখ্য উপদেষ্টা প্ৰেম বৈষ্ণৱৰ নেতৃত্বত, ছয়জনীয়া এটি সজাতি দলে অসম গৌৰৱ অস্মিতা কাকতিক ফুলাম গামোচা , সঁফুৰা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে । বিশ্বনাথ জিলাৰ বৰগাং চাহ বাগিচাৰ পৰিচালক জ্যোতিৰ্ময় কাকতি আৰু নৱনীতা কাকতিৰ সুযোগ্যা সন্তান অস্মীতা কাকতিৰ এই সম্বৰ্ধনা অনুষ্ঠান সম্পূর্ণ ক’ভিড বিধি মানি অনুষ্ঠিত কৰা হয়। বিশ্বনাথ জিলাৰ সম্পাদক অৰ্নৱজ্যোতি দাহালে আঁত ধৰা সম্বৰ্ধনা কাৰ্যসূচীত বিশ্বনাথ জিলা সমিতিৰ মুখ্য উপদেষ্টা তথা “সদৌ অসম ষ্টেটপুল শিক্ষক সন্থা”ৰ উপ-সভাপতি প্ৰেম বৈষ্ণৱে উপস্হিত জিলা সমিতিৰ বিষয়ববীয়া সকলক চিনাকি কৰাই দিয়ে। আজিৰ এই কাৰ্যসূচীত বিশ্বনাথ জিলা সমিতিৰ সভাপতি অজয় নাথ , কোষাধক্ষ্য দিপেন পৌৰেল , বিশ্বনাথ শিক্ষক নিধিৰ সম্পাদক পুলিন চৰকাৰ আৰু জামুগুৰিৰ মণ্ডল সমন্বয়ক মদন মণ্ডল আৰু জিলা সমিতিৰ মুখ্য উপদেষ্টা তথা কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰেম বৈষ্ণৱ উপস্হিত থাকি অসম গৌৰৱ অস্মিতা কাকতিক উৎসাহিত কৰে।

