এদিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ’ব অখিল গগৈ ! Assembly

গুৱাহাটী, ৯ জুন ২০২৫ — Assembly অসম বিধানসভাৰ বিশেষ অধিৱেশনত আজি এক নাটকীয় পৰিৱেশ সৃষ্টি হয়, যেতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদনত বিধায়ক অখিল গগৈক “এদিনৰ বাবে মুখ্যমন্ত্ৰী” হোৱাৰ প্ৰস্তাৱ দিয়ে !অধিৱেশনৰ আৰম্ভণিতে গৰম হৈ পৰে বিধানসভা ..

সদনত অখিল গগৈয়ে অভিযোগ তোলে যে, ৰাজ্য চৰকাৰে ভূমিহীন ৰাইজৰ প্ৰতি উদাসীনতা প্ৰদর্শন কৰিছে। তেওঁ কয় —
“চৰকাৰৰ ভূমি নীতি গৰিব আৰু বনবাসীৰ বাবে নহয়। গাঁও উচ্ছেদ হয়, পট্টা নহয়।”

উক্ত মন্তব্যৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত স্পষ্টভাৱে কয় —
“আপোনালোকৰ মতে যেতিয়া চৰকাৰ চলাব পাৰি, তেন্তে আপোনিয়েই হ’ব এদিনৰ মুখ্যমন্ত্ৰী। সকলো ভূমি বেদখল কৰি ভূমিহীনক পট্টা দিয়ক।”

এনেদৰেই অধিৱেশনৰ আৰম্ভণিতে গৰম হৈ পৰে বিধানসভা।

মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই সদনত তীব্ৰ বিতণ্ডা আৰম্ভ হয়। অখিল গগৈয়ে এই প্ৰস্তাৱক পাতলীয়া আৰু ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰা বুলি অভিহিত কৰে।

এদিনৰ বাবে বিধায়ক অখিল গগৈক মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত ভূমি পট্টা প্ৰদানক লৈ হোৱা আলোচনাত সৃষ্টি হোৱা বিৰ্তকত এই প্ৰস্তাৱ দিয়ে ড০ শৰ্মাই।

ৰাজ্যৰ ভূমিহীন লোকক ভূমি পট্টা প্ৰদানৰ বিষয়টোক লৈ সদনত সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ। অখিল গগৈক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতেহে ভূমিহীনক ভূমিপট্টা কেনেকৈ প্ৰদান কৰিব লাগে তাৰ গাইড লাইন আছে। গতিকে এই সকলোবোৰ দিশ পৰ্যালোচনা কৰি ভূমি পট্টা বিষয়টো আগবঢ়াই নিয়া হৈছে। সকলো লোককে ভূমি পট্টা প্ৰদান কৰাতো সম্ভৱ নহয়।

Related Articles