Breaking

জনজাতীয় গৌৰৱ দিৱসৰ শুভ উদ্বোধনী অনুষ্ঠানত বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু নন্দিতা গাৰ্লোচাৰ অংশগ্ৰহণ..

0 73

অসম জনজাতি আৰু অনুসূচিত জাতি গবেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু কেন্দ্ৰীয় চৰকাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত ১৫ নবেম্বৰৰ পৰা ২৫ নবেম্বৰলৈ অনুষ্ঠিত হোৱা জনজাতীয় গৌৰৱ দিৱসৰ দিছপুৰ স্থিত লোকনিৰ্মান বিভাগৰ অধিবেশন আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত শুভ উদ্বোধনী অনুষ্ঠানত বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে শিক্ষা, ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শক্তি আৰু খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে বিধান সভাৰ অধ্যক্ষ তথা মন্ত্ৰী দ্বয়ে স্বাধীনতা সংগ্ৰামী বীৰ শ্বহীদ বিৰচা মুণ্ডাৰ প্ৰতিচ্চবিত মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

এই অনুষ্ঠানত ভাষণ প্ৰসঙ্গত বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে যে মহান বীৰ বিৰচা মুণ্ডাৰ স্মৃতিত আয়োজিত এই জনজাতি গৌৰৱ দিৱসে এই মহান বীৰ গৰাকীৰ সাহস আৰু বীৰত্বৰ লগতে তেখেতৰ দেশৰ প্ৰতি থকা প্ৰেম আৰু ভালপোৱাৰ কথা আমাক সোঁৱৰাই দিয়ে। তেওঁ লগতে কয় যে অসমৰো বহু কেইজন জনজাতি বীৰ বীৰাঙ্গনাই নিজ দেশমাতৃৰ হকে প্ৰাণ আহুতি দিছে। আহি থকা দিন সমূহত আমি এই সকল বীৰ বীৰাঙ্গনাৰ কথা হৃদয়াঙ্গম কৰি দেশমাতৃৰ সেৱাৰ হকে কাম কৰি যাৱ লাগিব।

ইয়াৰ লগতে এই সভাত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে তেওঁৰ ভাষণত উল্লেখ কৰে যে বৃটীছৰ কু-শাসনৰ বিৰুদ্ধে দেশ মাতৃৰ স্বাধীনতাৰ হকে মহান বীৰ বিৰছা মুণ্ডাই সাহসেৰে যুঁজ দিছিল। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে এই দিৱস উদযাপনৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ প্ৰচেষ্টাক শলাগ ল’ব লাগিব কাৰণ এই দিৱস উদযাপনৰ জৰিয়তে তেখেতে জনজাতীয় লোক সকলৰ স্বভিমানক স্বিকৃতি দিবলৈ এক প্ৰয়াস কৰিছে।

তেওঁ লগতে কয় যে বৰ্তমান আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মাননীয় ড০ হিমন্ত বিশ্ব শৰ্মা দেৱে জনজাতীয় লোক আৰু ভূমিপুত্ৰ সকলৰ উন্নতিৰ হকে মিছন ভূমিপুত্ৰ আৰু মিছন বসুন্ধৰাৰ দৰে আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে অহা বছৰৰ পৰা এই দিৱস এক বহল ভিত্তিত আয়োজন কৰা হ’ব এইক্ষেত্ৰত তেখেতে বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় নিৰ্দেশনা দিব বুলি উল্লেখ কৰে। আজিৰ এই অনুষ্ঠানত বিধায়কদ্বয় বিদ্যাচিং ইংলেং, আব্দুল ৰচিদ মণ্ডল, ভৈয়ম জনজাতি কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ চাহুৰ লগতে বিভিন্ন স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যাবাহী সদস্য, বিভিন্ন জনজাতীয় সংগঠনৰ প্ৰতিনিধি সকল উপস্থিত থাকে।

Leave A Reply