ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলা সমিতিৰ বিষয় ববীয়াসকলে কালি যোৰহাটত নতুনকৈ যোগদান কৰা জিলা উপায়ুক্ত পুলক মহন্তক উপায়ুক্ত কার্যালয়ত সাক্ষাত কৰি তেখেতক ফুলাম গামোচাৰে আদৰণি জনায়।
ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন বৰা,যোৰহাট জিলা সমিতিৰ সভাপতি জীৱন শইকীয়া, সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মা,বৃত্তিয় সম্পাদক প্ৰদীপ বৰা উপায়ুক্ত গৰাকীক সৌহার্দ্যপূর্ণ সাক্ষাতত জিলা উপায়ুক্ত গৰাকী জিলাখনৰ চাহ খেতিয়ক সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত হয়।

উপায়ুক্ত গৰাকীয়ে অতিশীঘ্রে চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতিৰ লগতে আঞ্চলিক সমিতিৰ বিষয় ববীয়া সকলৰ লগত আলোচনাত মিলিত হৈ চাহ খেতিয়ক সকলৰ সমস্যা সমূহৰ বিষয়ে চর্চা কৰাৰ কথা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতিৰ প্রতিনিধি দলটোক অৱগত কৰে।
লগতে জিলা মনিটৰিং সভাখন অনুষ্ঠিত কৰাৰ কথাও আবগত কৰে। উলেখ্য যে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে অসমৰ অৰ্থনীতিত এক বিশেষ প্রভাৱ পেলাই আহিছে যদিও ক্ষুদ্ৰ চাহ খেতিয়ক সকল বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়।

কেঁচা চাহপাতৰ স্থিৰ মূল্য হ্ৰাস, বটলিফ ফেক্টৰী সমূহৰ চাহপাতৰ নিম্নগামী দৰ আদি সমস্যাই ক্ষুদ্ৰ চাহ খেতিয়ক সকলক বাৰুকৈয়ে ভবাই তুলিছে।

