নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী বালিঝাৰ বজাৰত ৰাইজে হাতে-লোটে নকল টকা সহ ধৰিলে দুই সৰবৰাহকাৰীক…

বৰপেটাৰ কলগাছিয়া অঞ্চলৰ ক্ৰমে ইয়াচিন আলী আৰু ৰৌশান আলী নামৰ এই দুজনে বালিঝাৰ বজাৰত এখন দোকানৰ পৰা ২০০০ টকাৰ লেনদেন কৰোতেই ওলাই পৰে জোলোঙাৰ মেকুৰী ।

আৰু পাছলৈ দুয়োকে ধৰি বজাৰ কমিটিলৈ নি নজৰবন্দী কৰাৰ লগতে দুয়োৰে লগত থকা প্ৰায় ৮৫০০/-ৰ নকল নোট জব্দ কৰা হয় । নকল নোট খিনি বজাৰ কমিটিৰ জিম্মাত লৈ আৰক্ষীক খৱৰ দিয়া হয় আৰু সেইমৰ্মে পাছলৈ দুয়োকো মন্দিৰা আৰক্ষীক গটাই দিয়া হয় নকল নোট ব্যৱসায়ী চক্ৰটিত মুঠ তিনিজনকৈ লোক আছিল যদিও এজন পলায়ন কৰে আনহাতে ব্যৱহৃত বাহন এখনো জব্দ কৰে ৰাইজে । সম্প্ৰতি ধৃত দুয়োজন মন্দিৰা আৰক্ষীৰ জিম্মাত

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট

Related Articles