Breaking

শীতপ্ৰবাহৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড ঠাণ্ডাৰ ফলত আফগানিস্তানত কমেও ৭০ জন লোকৰ মৃত্যু…

0 43

এসপ্তাহতকৈও অধিক সময় ধৰি চলি থকা শীতপ্ৰবাহৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড ঠাণ্ডাৰ ফলত আফগানিস্তানত কমেও ৭০ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৭০ হাজাপ গৰুৱে প্ৰাণ হেৰুৱাইছে।

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, যোৱা সপ্তাহত সৰ্বনিম্ন তাপমাত্ৰা মাইনাছ ৩৩ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল।

আফগান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে ঠাণ্ডাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। এক টুইটযোগে তেওঁ লিখিছে, “প্ৰকৃতিৰ ওপৰত কাৰো নিয়ন্ত্ৰণ নাই। কিন্তু ঠাণ্ডাত এনেধৰণৰ প্ৰাণ হানি অতি দুখজনক।‘’

Leave A Reply