শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সতীৰ্থ সন্মিলন উদযাপনেৰে শিক্ষাগুৰুক চৰণ ধুৱাই জনালে গুৰু সম্বৰ্ধনা

প্ৰাক্তন শিক্ষাৰ্থীয়ে  জীপাল কৰি তুলিলে নলবাৰী জিলাৰ শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়।উল্লেখযোগ্য আজি “সহপাঠী মিলন-১৯৮৮”ৰ উদ্যোগত আয়োজিত ২৫ ডিচেম্বৰত অনুষ্ঠিত হয় সতীৰ্থ সন্মিলন আৰু গুৰু সম্বৰ্ধনা।ইয়াতেই প্ৰাক্তন শিক্ষাৰ্থী সকলে অৱসৰী শিক্ষকক চৰণ ধুৱাই সম্বৰ্ধনা জনায়।

গীত-মাতেৰে মুখৰিত কৰি তোলে বিদ্যালয় প্ৰাঙ্গন।প্ৰাক্তন ছাত্ৰ প্ৰদীপ ৰাজবংশীয়ে আঁত ধৰা আৰু দীপক ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অন্তৰংগ আলাপত ভাগ লয় ৬০ গৰাকী প্ৰাক্তন শিক্ষৰ্থীয়ে।সম্পাদক জগদীশ বৰ্মনৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সন্মিলনত কাৰ্য্যকৰী সভাপতি প্ৰণৱ গোস্বামীয়েও অতীত ৰোমন্থন কৰে।

এই অনুষ্ঠানতে অৱসৰী শিক্ষাগুৰুক চৰণ ধুৱাই প্ৰদীপ ৰাজবংশী,জগদীশ বৰ্মন, দীপক ভট্টাচাৰ্য্য,মামণি দাস,উৎপল বৰ্মন আদিয়ে।ইয়াত অংশ লৈ বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ পবিন  চৌধুৰীয়ে কয় যে-মই আজি অভিভূত হৈ পৰিছো।এই বয়সতো  প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে আমাৰ চৰণ ধুবলৈ পাহৰা নাই। অতীত সদায়েই সুন্দৰ।কিন্তু নতুন প্ৰজন্ম আজি পাহৰণিৰ গৰ্ভত।শিক্ষকক একাংশ নতুন প্ৰজন্মৰ বহুতে সন্মান জনাব নাজানে।সেয়েহে শিক্ষাৰ  সম্প্ৰসাৰণ হৈছে যদিও অভিভাৱক সকলেও নিজৰ লৰা-ছোৱালীক আধুনিক ধাম খুমীয়াৰ মাজলৈ ঠেলি নিদি শিক্ষা,সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তুলি সু নাগৰিক গঢ়ি তোলাৰ পন লব লাগে। 


উল্লেখযোগ্য এই অনুষ্ঠানতে প্ৰাক্তন শিক্ষাৰ্থী সকলক একোটা মমেণ্টৰে আদৰণি জনোৱা হয়।প্ৰায় তিনিটা দশকৰ পিছত সতীৰ্থ সকল লগ হৈ নষ্টালজিক হৈ পৰে।ইফালে কাৰ্যসূচী অনুসৰি  আজি পুৱা স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰে দীপক ভট্টাচাৰ্য আৰু প্ৰণৱ কুমাৰ গোস্বামীয়ে।গছ পুলি ৰোপণ কার্যসূচীও সম্পন্ন হয়।
-ধ্ৰুব জ্যোতি মালাকাৰ

Related Articles