Breaking

অসম সাহিত্য সভা একাদশ বার্ষিক বাৰপূজীয়া অধিৱেশনত সভাপতিৰ অভিভাষণ সংগ্ৰহালয় আৰু অভিলেখাগাৰ গঠনৰ পোষকতা ড° সূৰ্যকান্ত হাজৰিকা…

0 69

‘অসম সাহিত্য সভা সংগ্ৰহালয়’ নামেৰ সংগ্ৰহালয় এটি চৰকাৰৰ সহযোগত স্থাপন কৰি অসমৰ বিভিন্ন গোষ্ঠী-জনগোষ্ঠীৰ বিষয় জড়িত অসমীয়া, ইংৰাজী ভাষাত প্রকাশিত গ্রন্থ, স্ব-গুণেৰে ধন্য হোৱা লেখক-লেখিকাৰ হস্তাক্ষৰ, প্ৰতিচ্ছবি আদিৰ ‘প্রতিচ্ছবি বীথিকা’ অসমীয়া সংস্কৃতিৰ সাংস্কৃতিক সম্পদ, বাদ্য- যন্ত্র, সাজ-পোছাক আদি সংৰক্ষণ কৰিব পাৰিলে প্ৰজন্মৰ পিছত প্রজন্মই উৎসাহ- উদ্দীপনা পাই থাকিব। সভাৰ লাগতিয়াল নথি-পত্র, বৰেণ্যসকলৰ চিঠি-পত্র, সভাৰ কাৰ্যবিৱৰণীসমূহ, সভাৰ বিভিন্ন সময়ৰ চুক্তি-পত্ৰ, দলিল, বিভিন্ন সংস্থাক দিয়া স্মাৰক-পত্ৰ, বিভিন্ন সময়ৰ প্ৰয়োজনীয় আলোকচিত্র আদি সংৰক্ষণ কৰিব পাৰিলে আমাৰ ইতিহাস সুৰক্ষিত হৈ থাকিব। তদুপৰি অসমৰ সম্পদস্বৰূপ দুষ্প্রাপ্য গ্রন্থসমূহ সংগ্ৰহালয়ত সংৰক্ষণ কৰিব পাৰিলে তথ্যবিভ্রাতজনিত ক্ষতিৰ পৰা নৱ-প্ৰজন্মই ৰক্ষা পাব। বিভিন্ন কাৰণত বিষয়ভেদে প্রকাশিত স্মৃতিগ্রন্থ, সংবাদ পত্র, আলোচনী, মুখপত্র আদি সাহিত্য সৃষ্টিৰ ধাৰাটিক প্রতিনিধিত্ব কৰে। সেয়েহে দুষ্প্রাপ্য হৈ পৰাৰ আগতে উপযুক্তভাবে সংৰক্ষণ কৰি জাতীয় দায়িত্ব পালন কৰিব পাৰোঁ। কিয়নো আৱিষ্কাৰ, প্রযুক্তিগত কৌশল, বৈজ্ঞানিক উদ্ভাবন আদি বিভিন্ন বিষয় সমলেৰে এনে গ্রন্থসমূহ সমৃদ্ধ হৈ থাকে, যিসমূহ ভৱিষ্যতৰ বাবে অতিকৈ প্রয়োজনীয় সম্পদ ৰূপে চিহ্নিত কৰি ৰখাটো আমাৰ প্ৰতিজনৰে দায়িত্ব আৰু কর্তব্য। অসম সাহিত্য সভা একাদশ বার্ষিক বাৰপূজীয়া অধিৱেশনত সভাপতিৰ অভিভাষণত অসম সাহিত্য সভাৰ এটি সংগ্ৰহালয়ৰ অপৰিহাৰ্যতাৰ কথা এনেদৰে ব্যক্ত কৰিছে সভাপতি ড° সূৰ্য কান্ত হাজৰিকাই ৷ ইয়াৰ লগতে তেওঁ অসম সাহিত্য সভাৰ তৰফৰ পৰা এটি গুগুল অভিলেখাগাৰ স্থাপন কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু প্রয়োজনীয় বিষয় বুলি উল্লেখ কৰিছে যাৰ দ্বাৰা সাহিত্য সভাৰ ইতিহাস সংশ্লিষ্ট বিভিন্ন সময়ৰ নানা নথিপত্র, বিভিন্ন লেখকৰ দুষ্প্রাপ্য পাণ্ডুলিপি, সভাৰ বিভিন্ন সময়ত অনুষ্ঠিত নানা বৈঠকৰ বিৱৰণী আৰু প্ৰস্তাৱসমূহকে আদি কৰি প্রাসঙ্গিক বিষয়সমূহ এই অভিলেখাগাৰত সংৰক্ষণ কৰিব পৰা যাব।

সাহিত্য আৰু ইতিহাস সম্পর্কীয় গবেষণাত যুক্ত বিভিন্ন ব্যক্তি আৰু ছাত্র-ছাত্রীসকল এই ধৰণৰ অভিলেখাগাৰৰ দ্বাৰা উপকৃত হ’ব। অসম সাহিত্য সভাৰ গুগুল সদৃশ এটি অভিলেখাগাৰ মুকলি কৰিলেই শ্রেণীবদ্ধভাবে যিকোনো তথ্য বিচাৰিলেই লগে লগে প্রাপ্ত হ’ব। বিশ্বৰ যিকোনো প্রান্তত থকা গৱেষক ছাত্র-ছাত্রীসকলে এই অভিলেখাগাৰৰ জৰিয়তে গৱেষণা কার্য চলাই থাকিব পাৰিব। এই অভিলেখাগাৰ যেনেকৈ ডিজিটেল ৰূপত থাকিব, তেনেকৈ সাহিত্য সভাৰ কাৰ্যালয়ত ইয়াৰ বাস্তৱিক ৰূপো থাকিব লাগে। আনহাতে অসম সাহিত্য সভাৰ শতাধিক বছৰীয়া গৌৰৱগাঁথাক ঐতিহ্যধন্য কৰিবলৈ সাহিত্যানুৰাগীসকলৰ লগতে যুৱ-প্ৰজন্মক সাহিত্য সভাৰ প্ৰতি যিধৰণে আকৃষ্ট কৰিব বিচৰা হৈছিল সেয়া এশ শতাংশ হৈ নুঠাৰ মূলতে হৈছে বহুধা বিভক্ত চিন্তা আৰু সুকীয়া সুকীয়া পৰিকল্পনা বুলি তেওঁ গুৰুত্বপূর্ণ মন্তব্য কৰে ৷ কার্যনির্বাহকত উত্থাপন কৰা বিষয়সমূহ যথাসম্ভৱ কম সময়ৰ ভিতৰত নিষ্পত্তি কৰাৰ প্ৰয়োজন আছে। হোঁহকা পিছলা নীতিয়ে কামৰ অগ্রগতিত বাধা প্রদান কৰাই নহয় উৎসাহ-উদ্দীপনাতো হেঙাৰ হৈ দেখা দিয়ে বুলি তেওঁ কৰা উল্লেখে সাহিত্য সভাৰ ভিতৰত চলি থকা কিছু অচলাৱস্থাৰ ইংগিত বহন কৰিছে ৷ পঢ়ুৱৈ সমাজৰ একত্ৰিকৰণ , বিদ্যালয় সমূহত গ্ৰন্থ অধ্যয়নক প্ৰাধান্য দি পাঠ্যপুথি প্ৰবৰ্তন , অসমীয়া মানুহৰ মাজত বজাৰ দখলৰ মানসিকতা বৃদ্ধিকে ধৰি বহুবোৰ গুৰুত্ব কথাও তেওঁ নিজৰ অভিভাষণত উল্লেখ কৰিছে ৷ ইয়াৰ লগতে অসমীয়া সাহিত্য সৃষ্টিৰ দিশটোৱে কোনফালে গতি কৰি আছে , গল্প, উপন্যাস, প্রবন্ধ, নিবন্ধ, কবিতা, ৰসৰচনা, হাস্যব্যংগ আদি সৃষ্টিসমূহ কি দিশেৰে উন্নত হৈছে আৰু কি কি দিশেৰে উৎকৃষ্টতাৰ শিখৰত আৰোহণত ব্যৰ্থ হৈছে সেয়া বিশ্লেষণ কৰি সাহিত্য সাধকসকলে নর-প্রজন্ম তথা সাহিত্য চর্চাত নিমজ্জিত থকাসকলক উপকৃত কৰিবলৈ সাহিত্য সভাই এক পদক্ষেপ লোৱাৰ লগতে আলোচনী, গ্রন্থ আদি প্রকাশৰ ক্ষেত্ৰত অনুমোদনৰ ব্যৱস্থা এটা প্ৰবৰ্তনো পোষকতা কৰিছে । কিয়নো বহু গ্রন্থ আমাৰ হাতত পৰে যিসমূহ বানান, ব্যাকৰণকে ধৰি নানান ত্রুটি-বিচ্যুতিৰে ভৰপূৰ। এনে গ্রন্থসমূহে অসমীয়া সাহিত্যৰ স্থিতিলৈ ভাবুকি অনা বুলি ক’লেও বঢ়াই কোৱা নহয় বুলি উল্লেখ কৰি এই ক্ষেত্রত অসম সাহিত্য সভাৰ লগতে অসম প্রকাশন পৰিষদ বা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰাও অনুমোদন লৈ গ্রন্থ প্রকাশনক ত্রুটিমুক্ত কৰিব পাৰে বুলি তেওঁ এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছে ৷ উল্লেখ্য যে বাৰপূজীয়া অধিবেশনৰ অন্তিমখন মুকলি সভাত অসম সাহিত্য সভাৰ কোনোৱা স্তৰত হোৱা অনুশাসনহীনতাৰ কথাৰ লগতে মুকলি সভাত নুন্যতম দৰ্শকো উপস্থিত নথকা কথাটোত নিজৰ আক্ষেপ মুকলিকৈ প্ৰকাশ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷


আদৰণী সমিতিৰ সম্পাদকৰ কৃতজ্ঞতা প্ৰকাশ : একাদশ বিশেষ বার্ষিক বাৰপূজীয়া অধিবেশনৰ আদৰণী সমিতিৰ সম্পাদক প্ৰদীপ কুমাৰ ডেকাই আজি এক প্ৰেছ বিবৃত্তি যোগে বাৰপূজীয়া অধিবেশনত সহায় সহযোগিতা আগবঢ়োৱা সকলোকে আদৰণী সমিতিৰ কৃতজ্ঞতা জনোৱাৰ লগতে কয় যে বৃহৎ অনুষ্ঠানত কার্যসূচী ৰূপায়ন কৰিবলৈ যাওতে৷ অজানিতে কিছু ভুলভ্ৰান্তি ৰৈ যোৱাতো স্বাভাবিক৷ তাৰ বাবে সকলোৰে ওচৰত তেওঁ কৰযোৰে ক্ষমাপ্ৰাৰ্থনা বিছাৰিছে ৷ আনহাতে আদৰণী সমিতিৰ সভাপতি , কাৰ্যকৰী সভাপতিৰ লগতে প্রতিখন উপ-সমিতি , প্রতি গৰাকী সদস্য সদস্যাৰ সেৱাৰ মনোভাৱ আৰু ত্যাগ, স্বেচ্ছাসেৱক আৰু সেৱা বাহিনী অশেষ কষ্ট , স্থানীয় মহিলা সকলে নিজে হাতে ৮ ০ হাজাৰ লাড়ু পিঠা তৈয়াৰ কৰি অতিথিক অপ্যায়ন কৰা , বৃহত্তৰ অঞ্চলৰ ৰাইজে অধিবেশনলৈ ৫০০০ ডাল বাঁহ আনি দিয়া আদি ইতিবাচক কথাবোৰ উল্লেখ কৰি তেওঁ সকলোকে ধন্যবাদ জনায়৷

Leave A Reply