মিচিং জনগোষ্ঠীৰ অন্যতম গোত্ৰ কুলি-কমান অপৃন কৌবাঙৰ উদ্যোগত দেওবাৰে গেলুৱা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ত ২০২৩ শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰু ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান আয়োগৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ, প্ৰযুক্তিবিদ্যাত স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা কৃতী ছাত্র-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
কুলি-কমান অপৃন কৌবাঙৰ সভাপতি কালীৰাম কুলিয়ে সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লৈ উত্তীৰ্ণ হোৱা ১৫ গৰাকী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ দুগৰাকী কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান আয়োগৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ দুগৰাকী, সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,মাদ্ৰাজ (স্নাতক)ত নামভৰ্তি কৰা এগৰাকী, সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,
ইন্দোৰ আৰু বেনাৰস (স্নাতকোত্তৰ)ত নামভৰ্তি কৰা কৃৰ্তিমান ছাত্ৰ-ছাত্ৰীক মিচিং সকলৰ জাতীয় সাজপাৰ এৰকক আৰু মানপত্ৰ প্ৰদান কৰি বিশেষভাৱে সম্বৰ্ধনা জনায়।

কুলি-কমান অপৃন কৌবাঙৰ মুখ্য সম্পাদক কলেশ্বৰ কুলিয়ে আঁতধৰা অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কুলি-কমান অপৃন কৌবাঙৰ মাখন কমান কুলিয়ে কয়, “ছাত্র-ছাত্ৰী সকলে সুখ্যাৰ্তিৰে পৰীক্ষা সমূহত উত্তীৰ্ণ হৈ কেৱল চাকৰিমুখী মানসিকতা পৰিহাৰ কৰি জাতি, সমাজৰ উন্নয়নৰ বাবে সেৱা আগবঢ়াই যোৱা উচিত৷ ভৱিষ্যতে এগৰাকী ৰুচিসম্পন্ন আৰু সংস্কৃতিৱান নাগৰিক হিচাপে নিজকে গঢ়ি তুলি পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব লাগিব”।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° ৰঞ্জিত কমানে কয় বিশ্বায়নৰ যুগত সৰ্ব্বস্তৰত বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত ব্যৱহাৰ আৰু তূমূল প্ৰতিযোগিতামূলক পৰিৱেশ-পৰিস্থিতিত নিজকে উচ্চ স্থানত উপনীত হ’বলৈ নিষ্ঠা, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি উল্লেখ কৰি গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ শিক্ষাৰ প্ৰতি ধাউতি বৃদ্ধি কৰি সমাজ,জাতি তথা দেশৰ সেৱাৰ বাবে উৎসৰ্গিত হ’বলৈ ছাত্র-ছাত্ৰী সকলক আহ্বান জনায়।
সভাত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক মণিকান্ত কুলি, কুলি-কমান অপৃন কৌবাঙৰ উপদেষ্টা ডাঃ মুনিন কুলি,উপ সভাপতি ধনজ্ঞয় কুলি, অমৰ চন্দ্ৰ কুলি,কাৰ্য্যকৰী সভাপতি বিঞ্চু কুলি, সহকাৰী সম্পাদক অমিয় কুলি, সাংগঠনিক সম্পাদক নৱ কমান, কাৰ্যনিৰ্বাহক হীৰা কুলি, গেলুৱা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনোৱা কুলিয়ে ছাত্র-ছাত্ৰী সকলে মাদকদ্ৰব্যৰ পৰা আঁতৰি থাকি সৎ চিন্তা আৰু একাগ্ৰতাৰে জীৱনটো আগুৱাই নিব লাগিব বুলি কৃতী ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বহুমূলীয়া বক্তব্য আগবঢ়ায়।

সভাই অহা বছৰৰ পৰা কুলি-কমান অপৃনৰ আৰ্থিকভাৱে পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
-শম্ভু দাস, চিলাপথাৰ

