Breaking

নিতাই পুখুৰী পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত নাজিৰা মহকুমাৰ দৰিকিয়াল গাঁৱত অসম ভাওনা মহোৎসৱৰ ২০২৩ৰ লাইখুঁটা স্থাপন

0 103

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনা। এই অমৰ সৃষ্টি ভাওনাৰ জৰিয়তে গুৰুজনাৰ আদৰ্শেৰে সমাজত আধ্যাত্মিকতাবোধ প্ৰতিষ্ঠা তথা নৱ প্ৰজন্মক তেখেতৰ সৃষ্টি ৰাজিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে নিতাই পুখুৰী পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত দৰিকিয়ালবাসী ৰাইজৰ আতিথ্যত আৰু শিলাকুটি,বেতবাৰী,হাঁহচৰা, বকতা, জোকতলি, নাজিৰা, ধোপাবৰ মৌজাৰ ৰাইজৰ সহযোগত নাজিৰা মহকুমাৰ দৰিকিয়াল গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ -মাধৱদেৱ ক্ষেত্ৰত ১৭ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া অসম ভাওনা মহোৎসৱৰ আজি লাইখুটা স্থাপন কৰা হয়। গায়ন -বায়ন, ডবা শংখ আদিৰে মুখৰিত এক আধ্যাত্মিক পৰিৱেশত লাইখুটা স্থাপন কৰে ৰাষ্ট্ৰীয় শিল্পগুৰু তথা সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত ৰেৱকান্ত মহন্তই ।
অসমৰ ভিন্ন প্ৰান্তৰ ১২ টা আগশাৰীৰ ভাওনা দলে অংশগ্ৰহণ কৰিব এই ভাওনা মহোৎসৱত। এই অনুষ্ঠানতে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱগোস্বামীক প্ৰদান কৰা হ’ব বৈষ্ণৱ প্ৰাণ উপাধি।

জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকৰে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰি এক সংবাদমেল সম্বোধন কৰে উদযাপন সমিতিয়ে।

Leave A Reply